পৃষ্ঠা:লাচিত বৰফুকন.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০৭
লাচিত বৰফুকন।

 বৰগোহাঞি ডাঃ।—হৈছে, স্বৰ্গদেৱ! আমৰ বুজিবলৈ আৰু বাকী নাই। বোধ কৰোঁ, যুৱৰাজেও বুজিবলৈ বাকী ৰব নাপায়।

 চক্ৰ।—আৰু, মোগলৰাজক চই পেচ্কচ্ শোধোৱাৰ নিয়ম ৰহিত কৰি, মোৰ জুৰুলা প্ৰজাৰ অৱস্থা টনকিয়াল কৰাটো বৰ্তমান যুদ্ধৰ অন্যতম উদ্দেশ্য। এই কেইবিধ প্ৰধান লক্ষ্য ধৰিয়েই মোগলৰ লগত চলিত তুমুল ৰণ পাতি লোৱা হৈছে। কিন্তু, দুখৰ বিষয়, তাৰ সামৰণি দেখিবলৈ নাপাম হবলা !

 বৰবৰুৱা।—নকব তেনে কথা, স্বৰ্গদেৱ ! ইচ্ছাময়ৰ ইচ্ছাৰ তত্ত্ব পায় কোনে !

 চক্ৰ।—বাৰু, তথাপি কৈ থলো; মনত ৰাখিবাহঁক, মোৰ বিহনে যেন মোৰ মহৎ উদ্দেশ্য বিফল নহয়।

 চুন্যত্।—(স্থিৰ-গম্ভীৰ স্বৰেৰে) নিশ্চয় বিফল নহব।

 চক্ৰ।—( হৃষ্ট চিত্তেৰে ) ধন্য তুমি ! ধন্য মই ! ধন্য মোৰ ডাঙৰীয়া-. বিষয়াসকল !—এয়ে মোৰ মৰণ-সুখ। এই সুখ লাভত শঙ্কা নাই; তোমাসৱ উপস্থিত কেইজনৰ অশ্বাসত মোৰ সম্পূৰ্ণ বিশ্বাস হৈছে। ৰণক্ষেত্ৰত থকা ডাঙৰীয়া বিষয়াসকলৰ ওপৰতো মোৰ অটল বিশ্বাস। বিশেষকৈ, বৰফুকন লাচিতৰ বীৰত্বত মোৰ সুদৃঢ় ভাৰসা। লাচিত এজন অসামান্য বীৰ। মহাবীৰ লাচিতৰ হাতত মোৰ উদ্দেশ্য আৰু গৌৰৱ ৰক্ষা পৰিব। ঈশ্বৰ আমাৰ সহায় হব !

⸻⸻

৩য়, অঙ্কপাত।

জিৰণিৰ পটক্ষেপণ।

⸻⸻

৭৪