পৃষ্ঠা:লাচিত বৰফুকন.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০৬
লাচিত বৰফুকন।

 চুন্যত্‌।—(কাষ চাপি) কওক।

 চক্ৰ।—মোৰ নৰিয়া ক্ৰমাৎ সাংঘাতিক হৈ উঠিছে, গতিক বিষম। মোৰ অন্তিম কাল ওচৰ চাপিলহি। তোমাক মোৰ শেষ-কথা কৈ যাবৰ সময় পাইছেহি।

 চুন্যত্‌।—(চকু-লো টুকি) কিয় কয় তেনে কথা? বেজবৰুৱাই সোনকালে আৰোগ্য হব বুলি কৈ, নতুন ঔষধ আনিবলৈ গৈছে।

 চক্ৰ।—নহয়, কবই লাগিব মোৰ শেষ-কথা। ইচ্ছাময়ৰ ইচ্ছাৰ আগত তোমাৰ মোৰ ইচ্ছাই ঠাৱৰিব নোৱাৰে। নহলে, মোৰ কবলগীয়া কথা কোৱা নহবগৈও পাৰে।

 চুন্য়ত্।—( চকুলো টুকি) বাৰু, কওক। শুনিছোঁ।

 চক্ৰ।—শুনি ভালকৈ মনত ৰাখিবাঁ। আৰু, তাক কাৰ্য্য়ত লগাবলৈ এফেৰিও ক্ৰটী নকৰিবাঁ।

 চুন্যত্‌।—(তলমূৰকৈ) নকৰোঁ ক্ৰটী।

 চক্ৰ।—বাৰু, তেন্তে শুনা। ডাঙৰীয়ায়ো শুনিবাঁ। বৰবৰুৱায়ো মন কৰিবাঁ।

 বঃ গোঃ আৰু বঃ বঃ।—শুনিছোঁ স্বৰ্গদেৱ, কওক।

 চক্ৰ।—মোৰ জীৱনৰ মহৎ উদ্দেশ্য কি আছিল, তোমালোকে অৱশ্য়ে জানা। জানি, সেই উদ্দেশ্য সিদ্ধিৰ অৰ্থে যত্নও কৰিছাহঁক।

 বৰবৰুৱা।—জানো স্বৰ্গদেৱ, বেচকৈ জানো।

 চক্ৰ।—মই তথাপি কওঁ, শুনাহঁক। মোৰ ভাই, তোমালোকৰ ভাবী ৰজায়ো শুনিব লাগে। শুনি, সেই উদ্দেশ্য সিদ্ধি কৰিবলৈ প্ৰাণপণে যত্ন কৰিব লাগিব।

 চুন্যত্‌। (সুস্থিৰ হৈ) যত্নৰ এফেৰিও ক্ৰটী নহব, কওক।

 চক্ৰ।—মই ৰাজপাটত উঠিবৰ দিন ধৰি মোৰ প্ৰাণৰ ধাউতি আছিল মছলমানৰ হাতৰপৰা মোৰ ৰাজ্যৰ মহাতীৰ্থস্থান কামাখ্যাপীঠ কেনেকৈ পুনৰুদ্ধাৰ কৰোঁ; আৰু মোৰ প্ৰাণৰ প্ৰধান লক্ষ্য আছিল, মোৰ কামপীঠৰ প্ৰজাবৃন্দক মোগলৰ গৰাহৰপৰা কাহানিকৈ উদ্ধাৰি লওঁ। এয়ে চলিত ৰণৰ

মুখ্য় উদ্দেশ্য়, মোৰ জীৱনৰ প্ৰধান লক্ষ্য।