অজিত।—( স্বৰ্গতঃ ) ধন্য তুমি সেই লাচিত বৰুৱা! ধন্য তোমাৰ ৰাজভক্তি! ধন্য তোমাৰ স্বদেশ-প্ৰেম!
নচৰৎখাঁ।—এই ৰণত আমাৰ সৈন্য-বল বিত্তৰ ক্ষয় হল।—কুৰি হাজাৰৰ ওপৰ হব।
ৰঘুনাথ।—এই একেখন ৰণতে ইয়াৰ আগৰ দুবাৰৰো হিচাব ধৰিলে আমাৰ সৈন্য়ক্ষয় আৰু অনেক বেচি হব!
ৰামসিংহ।—তাত আৰু ভুল নাই; যি হওক, এই বাৰ্তা পাটচাহলৈ দি তুৰন্তে সৈন্যবলৰ যোগান খুজি পঠিয়াব লাগে। সম্প্ৰতি আমি ইয়াৰপৰা আঁতৰি গৈ শৰাইঘাটৰ ওচৰত নতুনকৈ কোঁঠ পাতিবলৈ আয়োজন কৰোঁগৈ, আহাঁহঁক।
(সকলোটিৰে প্ৰস্থান।
অষ্টম গৰ্ভাঙ্ক।
গড়গাওঁ, —ৰজাৰ ভিতৰ-চৰা।
(নৰিয়া-শয্যাত চক্ৰধ্বজ, বৰগোহাঞি, চুন্যত্ফা, বৰবৰুৱা)
চক্ৰ।— (চাটিফুটি কৰি ) ডাঙৰীয়া!
বৰগোঃ।—( আতুৰ হৈ) স্বৰ্গদেৱ!
চক্ৰ।—সি দুজন ডাঙৰীয়া নাই! বৰফুকনো নাই! মোৰ শেষ-কথা সিবিলাকক শুনাবলৈ নাপালোঁ!
বৰগোঃ।—নাই স্বৰ্গদেৱ, সিবিলাক ৰণক্ষেত্ৰত আছে।
চক্ৰ।—(হুমুনিয়াহ কাঢ়ি) জানিছোঁ। ময়ো ৰণৰ কথাকে হে ভাবিছোঁ, ৰণৰ কথাকেহে কব খুজিছোঁ। কিন্তু, মোৰ শৰীৰৰ অৱস্থা ক্ৰমাৎ বিষম বোধ কৰি আহিছোঁ। ভাই- গোহাঞি চুন্য়ত্ফা ক'ত?
চুন্য়ত্।—আছোঁ।
চক্ৰ।—কাষলৈ আহাঁ।