পৃষ্ঠা:লাচিত বৰফুকন.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০৪
লাচিত বৰফুকন।

পৰাভূত কৰিব পৰা নাই, সেই ৰামসিংহই এদিন সেই স্বৰ্গদেৱক হতীয়াহতি যুদ্ধলৈ আহ্বান কৰিছিল ! সেই কথা স্বৰ্গদেৱৰ অন্তৰত বৰকৈ লাগিছিল,— লাচিতৰ অন্তৰত প্ৰতিশোধৰ উত্তেজনা জ্বলাইছিল। আজি মোগল ৰণ-বল আমাৰ হাতত বিষমকৈ ক্ষয় হোৱাত ৰামসিংহ হুঁহকি পৰিবলৈ বাধ্য হৈছে, তেওঁৰ দৰ্প খৰ্ব্ব হৈছে। ৰামসিংহৰ দৰ্পচূৰ্ণৰ সূত্ৰপাতৰ সু-সংৱাদ শুনি স্বৰ্গদেৱেও বিমল আনন্দ অনুভৱ কৰিব। ৰামসিংহৰ লগত আজি সহ সংগ্ৰাম কৰি মোৰ ৰণলীপ্সা দুগুণে চৰিছে।

 গন্ধৰ্ব্ব।—আমাৰ পক্ষে ই বিশেষ গৌৰৱৰ বিষয়। মোগল জঁয় পৰিছে।

 পানী।—ৰণত অসংখ্য শত্ৰু পৰিছে। মোৰ কিন্তু তালৈ বিশেষ লক্ষ্য় নাছিল; মোৰ লক্ষ্য আছিল মোগল সৈন্য সমুলঞ্চে নিপাত কৰিবলৈ। পলৰীয়া সৈন্যবিলাক আগচি আগচি কাটি, মই মোৰ তৰোৱাল ধৰাৰ সাৰ্থকতালৈ চাইছিলোঁ। হওক, আজি তেও মোৰ ৰণলীপ্সা অলপ তৃপ্ত হল, আজি শত্ৰুৰ তেজেৰে ৰণভুমি প্লাবিত কৰি এফেৰি হেঁপাহ পলুৱালোঁ।

 লাচিত।—বলাঁ, ইয়াত পলম কৰাৰ সকাম নাই। বলাহঁক, অধিকৃত কোঁঠ দখল কৰি আজিৰ বিজয়বাৰ্ত্তা তুৰন্তে স্বৰ্গদেৱলৈ পঠিয়াওঁগৈ। এই বাৰ্ত্তা ইসদৌ অসমত আজি উলাহ আৰু উৎসাহৰ ঢৌ তুলিব। (সকলোটিৰ প্ৰস্থান)

( ৰামসিংহ, নচৰৎখাঁ, ৰঘুনাথ আৰু অজিতৰ প্ৰৱেশ )

 ৰামসিংহ।—ধন্য় বীৰ লাচিত বৰফুকন ! ধন্য তোমাৰ ৰণকৌশল ! দিল্লীশ্বৰৰ আদেশত ইতিপূৰ্ব্বে বহুবাৰ বহুতো বিচক্ষণীয়া বীৰৰ ৰণ-কৌশল ভেদিব লগীয়া হৈছিল; কিন্তু লাচিতৰ নিচিনা দুৰ্ভেদ্য ৰণ-কৌশল কেতিয়াও মই আগত পোৱা নাছিলোঁ। যি হওক, এইবাৰ মোৰ যুদ্ধযাত্ৰা সাৰ্থক হল। নহলে, লাচিত হেন বীৰৰ লগত লৰি মোৰ ৰণলীপ্সা তৃপ্ত কৰিবলৈ এই জীৱনত এনে সুবিধা নঘটিলহেঁতেন। যিদিনা লাচিতক নিপাতি খোদ্ চক্ৰধ্বজসিংহৰে সৈতে লৰিবলৈ পাম, সেই দিনা হে মোৰ ৰণলীপ্সা

শাম কাটিব,—দেখোঁ কাহানিকৈ সেই দিন আহে।