পৃষ্ঠা:লাচিত বৰফুকন.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০৩
লাচিত বৰফুকন।

আছিল; আমাৰ যিমান গৈছিল, সিমানখিনি সিহঁতৰ ৰণত পৰিছেই। কিন্তু, যি হওক, শত্ৰুসৈন্য কচুকটা দি, তেও আজি হেঁপাহ পলুৱালোঁ।

 গন্ধৰ্ব।—মই সেনানায়কৰ কথা হে কৈছোঁ; সিহঁতৰো দুজন, আমাৰো দুজন। পিচে, আমি দুয়ো সিহঁতৰ দুইকো হৰুৱালোঁ।

 পানী।—এইবাৰ সিহঁতৰ ঘাই সেনাপতি ৰামসিংহ স্বয়ং ওলাইছে। কিন্তু নিলগে নিলগে হে; তেওঁ নিলগৰপৰ দিহা দিছে, নিজে লিপ্ত হোৱাহি নাই এথোন। কিন্তু, তেওঁকো লিপ্ত কৰাই হে এৰিম আজি।

 গন্ধৰ্ব্ব।—আমাৰো ঘাই সেনাপতি বৰফুকনে স্বয়ং লৰিব এইবাৰ। এইবাৰ হে বাৰ; এইখন ইে চাব লগীয়া ৰণ হব। যাওঁ, বলা, আমিও সষ্টম হওঁগৈ।

 পানী।—বলাঁ, বলাঁ, আমাক বিচাৰিবই পায়। (দুইৰো বেগেৰে প্ৰস্থান)

(অজিত আৰু ৰঘুনাথ সিংহৰ প্ৰৱেশ।)

 ৰঘুনাথ।——অসমীয়া ৰণুৱাৰ ইমান তেজ বুলি মই আগেয়ে নাজানিছিলো। ভাবিছিলোঁ, বোলোঁ, মিৰজুম্লাৰ সামান্য আক্ৰমণ এটা সহিব নোৱাৰি পলাই যোৱা আৰু শৰণাগত হৈ ৰক্ষা পৰা আহোম ৰজাক নো কি গণিতা কৰিম!

 অজিত।—সেইটো আপুনি ভুল শুনিছিল আৰু ভুল বুলিছিল। মিৰজুম্লাৰ আক্ৰমণৰ কথা মই ভালকৈ জানোঁ। তেতিয়াৰ লাচিত বৰুৱাৰ বিক্ৰম সহিব নোৱাৰি তেওঁ হুঁহকি পৰাটোহে সঁচা; ৰণাভুৱা জয়ধ্বজসিংহ আহোম ৰজাই আত্মৰক্ষাৰ্থে পলাই পৰ্ব্বতলৈ যোৱাৰ লগত ইয়াৰ সম্বন্ধ নাই। এতিয়া সেই লাচিতেই অসমীয়া সৈন্যবলৰ ঘাই সেনাপতি। বাৰু, সেইবোৰ যি হওক, দেখিলে হে লেখিম কোন্ কিমানৰ বীৰ। আহক এতিয়া। (দুইৰো প্ৰস্থান)

(শত্ৰুপক্ষক ৰণত হৰুৱাই লাচিত, পানীফুকন, গন্ধৰ্ব্বৰ প্ৰৱেশ )

 লাচিত।— শক্ৰ হলেও শলাগিব লগীয়া। ৰামসিংহ এজন বিচক্ষণীয়া বীৰ। তেওঁৰ ৰণ-পাণ্ডিত্য নিশ্চয় প্ৰশংসনীয়। কিন্তু, সেই পাণ্ডিত্যৰ পৰিচয়োপযোগী তেওঁৰ ৰুচি হে মাৰ্জ্জিত নহয়ঁ; ই হে দুখৰ বিষয়। যি ৰামসিংহই আহোম স্বৰ্গদেৱৰ আজ্ঞাধীন সেনাপতি এজনকে আজিলৈকে