সমললৈ যাওক

পৃষ্ঠা:লাচিত বৰফুকন.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০২
লাচিত বৰফুকন।

 পানী।—আমাৰ চোৰাংচোৱাই ৰামসিংহৰ গা-চোৱা সেই অজিত নামে চীখ চিপাহীটোক লগ পাইছিল। সি এই সংবাদ ভিতৰ-বিশ্বাসত দিছিল। অজিতৰ ভাবটো যেন আমাৰ ফলীয়া, এনে লাগি যায়।

 লাচিত।—কোঁঠৰপৰা শক্ৰৰ সৈন্য বাহিৰলৈ ওলায়মানে আমালৈ ভাল। কিন্তু, পাৰ্য্য়মানে সিহঁতক ৰণৰ কেন্দ্ৰস্থললৈ চাপিবলৈ দিব নালাগে। অজিত আমালৈ সহানুভূতি থাকিবও পাৰে। কাৰণ যি মানুহটি বৰ ধাৰ্ম্মিক, গোৰা হিন্দু। অসমীয়া আৰু পছিমীয়া হিন্দুৰ আৱ-ভাৱৰ বৰ মিল !

 গন্ধৰ্ব্ব।—সিহঁতৰ দুজন ওলাইছে যদি, আমিও দুজনেইচোন সমুখ হৈ চাওঁ; পানীফুকনে ময়ে সদ্যহতে আগ বাঢ়োঁ। দেখোঁচোন, আমাৰ আগত সিহঁত কিমানপৰলৈ ঠাৱৰে।

 লাচিত।—বাৰু, আগ বাঢ়াহঁক। আমিও ওলাই দেখুৱাওঁ; আমাক তাকৰীয়া দেখিলে, শত্ৰুপক্ষ সৰহীয়াকৈ নোলাব পাৰে। কিন্তু, সৰহীয়ালৈকো আমাৰ হিয়া নডৰায়;—সিংহৰ এটা, শিয়ালৰ জাক্-জাক্ !—মনত ৰাখিবাঁ।

(ৰামসিংহ, অজিত, নচৰৎখাঁৰ প্ৰৱেশ)

 নচৰৎ।—অসমীয়া সেনা সৰহ নহয়, কিন্তু সিহঁতৰ চল বেচি; আমি ঘূৰোঁমানে সিহঁত গা পায়হিয়েই।

 অজিত।—সৰহ নহয় যদি, আমাৰ সৰহীয়াকৈ গৈ বিপক্ষক গিলিপ মাৰি ধৰিলেই হয় দেখোন। কিন্তু, অসমীয়া ৰণুৱা লেখত পৰা হলেও জোখত চৰা হব পায়; আৰু অসমীয়া সেনা ৰণত বিমুখ নহয়, নপলায়।

 ৰামসিংহ।—আচ্ছা, এইবাৰৰ ফলাফল দেখা যাওক। আহাঁ, আমি দুৰ্গৰ সিলুটিৰপৰা লক্ষ্য কৰোঁগৈ; এইবাৰ লাচিত ফুকন ওলায় নে কি চাব লাগে। লাচিত কেনে যোদ্ধা নিলগৰপৰাই এবাৰ চোৱা যাওক। (কেইওজনৰ প্ৰস্থান)

(গন্ধৰ্ব্ব আৰু পানীফুকনৰ প্ৰৱেশ)।

 গন্ধৰ্ব্ব।—ষি হওক, তেও সমানে সমানে লাগি জিকিলোঁ।

 পানী।—আৰু, সিহঁতৰ সৈন্য়-সংখ্যা আমাতকৈ অনেকগুণে বেচি