ৰুমালেৰে গাৰ চোলাৰ ধূলি জাৰি) ইস্, ইস্, এই পোছাকেৰে মানুহৰ আগত ওলাবলৈকে বেয়া লগা হল! (আকৌ ধূলি জাৰে)—
(গন্ধৰ্ব্বনাৰায়ণৰ প্ৰৱেশ)
গন্ধৰ্ব্ব।—কি কৰিছা তুমি? পানীফুকন আৰু ৰাজখোৱা ওলোৱাহি নাই নে?
চন্দ্ৰ।—কোন্ ওলায়হি কোন্ নোলায়হি কোনে জানে! নিজৰ তৰণি নাই! আনৰ খবৰ ৰাখোঁ!
গন্ধৰ্ব্ব।—কিয়, তোমাৰ নো কিয় তৰণি নাই?
চন্দ্ৰ।—নেদেখিছাঁ, পৰি-ধৰি কি হৈছোঁ! (গাৰ ধুলি কোবায় )
গন্ধৰ্ব্ব।—কত নো পৰিলাঁ? কেনেকৈ?
চন্দ্ৰ।—ক’ত? কেনেকৈ? নেদেখিলাঁ, সেই বাঘ যেন ৰণুৱা জাকে পানীফুকনক এৰি আমাৰ ফালে চোঁচা ললে। মই তৰা-নৰা ছিঙ্গি লৰি পলাই হে সাৰিছোঁ, লগৰ জাকৰ কি হৈছে কব নোৱাৰিছোঁ এথোন। বাটত পৰি-ধৰি গোটেই একতৰ্ হলোঁ!
গন্ধৰ্ব্ব।—তুমি তো ভাৰি যোদ্ধা! সেই জাক আমাৰ খেদা খাই পলাই যোৱা মছলমান ৰণুৱা; পলৰীয়াৰ আগত পৰিয়েই তুমি পলাব লগাত পৰিল নে? তাতে ইমান বিহ্বল হৈছা?
চন্দ্ৰ।—এঃ বিহ্বল হোৱাৰ কথা কৈছাঁ, কাপোৰ-কানি গুচিল নহয়, নেদেখিছা?
গন্ধৰ্ব্ব।—সিও এটা কথা!—ই যে ৰণক্ষেত্ৰ, তোমাৰ গা-ঘেলোৱা বিলাসভূমি নহয়।
(লাচিত আৰু পানীফুকনৰ প্ৰৱেশ)
পানীফুকন।—এইবাৰ বোলে মোগল সেনাপতি একেলগে দুজন ওলাই আমাক গিলিপ মাৰি ধৰিব পৰাকৈ আহিব।
লাচিত।—আহক, ভাল হৈছে। কেনেকৈ জানিলাঁ?