পৃষ্ঠা:লাচিত বৰফুকন.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯৯
লাচিত বৰফুকন।

 পিজলা।—আকৌ বোলে কি কম? যি কবলৈ কৈছোঁ, তাকে কওক। যিখিনি মই শুনিব লগীয়া, সেই খিনি শুনাওক।

 গন্ধৰ্ব্ব।—কোন্ খিনি বা শুনাব লাগে এতিয়া? মহা ভাবনাত হে পৰিলোঁ!

  পিজলা।—আপোনাৰ ৰসিকতাৰো অন্ত নপৰে, মোৰো শুনা নহব এই দৰে। মোৰ বিশেষ লাগতিয়াল খিনিৰ দুটামান কথা মই সুধি যাম, আপুনি কৈ যাব।—দেই?

 গন্ধৰ্ব্ব।—দেই।

 পিজলা।—ৰণক্ষেত্ৰত দেউতাই আপোনাক ভাল পাইছে নে?

 গন্ধৰ্ব্ব।—(গহীন) সেইটো মই কেনেকৈ কম ! স্বদেশৰ মঙ্গলাৰ্থে মোৰ দেহ-মন-প্ৰাণ উছৰ্গি দিছোঁ; তদুপৰি বৰসেনাপতি গুৰুদেৱক সন্তুষ্ট কৰিবলৈ মোৰ সদায় লক্ষ্য। ভগৱন্তেহে জানে, কিমানদূৰ কৃতকাৰ্য্য় হব পাৰিছোঁ।

 পিজলা।—মানুহেও অলপ জানে। আমিও এফেৰি সম্ভেদ্‌ পাইছোঁ। ভগৱন্তে আপোনাৰ সজ আৰু সৰল উদ্দেশ্য যেন সিদ্ধি কৰে।

 গন্ধৰ্ব্ব।—তোমাৰো মনোৰথ যেন পূৰ্ণ হয়। যাওঁ, সময় হৈছেহি, অগীয়াঠুঁটি কোঁঠ অৱৰোধৰ দিহা লওঁগৈ ! (উদ্যত )।

 পিজলা।—যাওক, ৰণত বিজয়ী হৈ আহকগৈ। যাওঁ, ময়ো দেউতাৰ আগপৈচান ধৰোঁগৈ।

(প্ৰস্থান)

 গন্ধৰ্ব্ব।—( আপোনা আপুনি) অহ, নিজনি বিলৰ নিৰ্ম্মল পানীত পদুম কলিৰ প্ৰতিবিম্বৰ দৰে, পিজলাৰ নিৰ্ম্মল হিয়াত মোৰ দেহ-মন-প্ৰাণৰ প্ৰতিবিম্ব এটি দেখোঁ যেন লাগি যায় !—এই হেন ভীষণ ৰণকেন্দ্ৰৰ দোৰ্ঘোৰ অশান্তিৰ মাজতো সেই হিয়া-দাপোনত আত্মৰূপ দেখি পৰম শান্তি লাভ কৰোঁ। যাওঁ, কঠোৰ কৰ্ত্তব্যে কৰুণ প্ৰেমৰ বাধা নামানে।

(প্ৰস্থান)

⸻⸻