পিজলা।—ভালেমান দিন! পৰহিচোন সাক্ষাৎ পাইছিলোঁ। মই হে পাহৰিছিলোঁ!
গন্ধৰ্ব্ব।—এৰা, ভালেমান দিন যেন লাগিছিল!
পিজলা।—(হৰিষৰ হাঁহিৰে) লাগিব পাৰে; মোৰ প্ৰতি ই আপোনাৰ অনুগ্ৰহৰ চিন্।
গন্ধৰ্ব্ব।— অনুগ্ৰহ নহয়, তাতকৈ এফেৰি মধুৰ বিধৰ। কি বাৰু, কোৱাঁ, মই নোকোৱাকৈ।
পিজলা।— জানো!
গন্ধৰ্ব্ব।—জানা যদি, কোৱাঁ আকৌ।
পিজলা।—ভাল, আপুনিও!
গন্ধৰ্ব্ব।—ভাল নহয়, বেয়া জানো? অ, মোক বেয়া পাইছাঁ?
পিজলা।—( তলমূৰকৈ) তেনে কথা নকব দেই।
গন্ধৰ্ব্ব।—কওঁ যদি, কি দণ্ড?
পিজলা।—জানো, আপুনি কি কয়?
গন্ধৰ্ব্ব।—মোৰ ভাষা তুমি নুবুজাঁ নে কি?
পিজলা।— আপোনাক নো কথাত কোনে ভাগৰাব!
গন্ধৰ্ব্ব।—ৰণত হলে ভাগৰা নাই আজিলৈকে; কথাত যদি ভাগৰোঁ কেতিয়াবাকৈ, তোমাৰ ওচৰত হে।
পিজলা।—অ, ভাল মনত পৰিছে; সিদিনা এৰাৰপৰা ৰণৰ কথাখিনি নকয় নো কিয়?
গন্ধৰ্ব্ব।—ভাল কথা হল। আৰু এট অপৰাধ !
পিজলা।— নকয়? বাৰু নালাগে কব। (মুখ আমোলায়)
গন্ধৰ্ব্ব।—নহয় নহয়, কওঁ কওঁ; তোমাৰ ৰোহ-পতা মুখখনি চাবৰ মনেৰে হে তেও এই খন চতুৰালি কৰা হৈছিল। কওঁ শুনা। কোন্
খিনিৰপৰা কম? কি কম বাৰু?