সপ্তম গৰ্ভাঙ্ক।
⸻০⸻
আগীয়াঠুঁটি কোঁঠ,—ৰণস্থল।
( অজিত আৰু ৰামসিংহ)
ৰামসিংহ।—অজিত!
অজিত।—হজুৰ!
ৰামসিংহ।—আজিৰ খবৰ কি?
অজিত।—খবৰ ভাল নহয়, হজুৰ! আগীয়াঠুঁটি কোঁঠৰ দক্ষিণে আহোম পালি সেনাপতি পানীফুকনৰে সৈতে আমাৰ নচৰৎখাঁ সেনাপতিয়ে এখন ৰণ দিছিল; পিচে তেওঁ খেদা খাই উলটি আহিছে।
ৰামসিংহ।—লাচিত বৰফুকন ৰণস্থললৈ অহা নাই দেখোন?
অজিত।—নাই অহা। বৰসেনাপতি বৰফুকনে বোলে আপোনাৰে সৈতে হে লৰি চাব।
ৰামসিংহ।—উঃ, কি আস্পৰ্দ্ধা! শিয়ালে সিংহে সৰি দেখুৱাব খোজে! ৰামসিংহই কিন্তু শিয়াল বধ কৰি বীৰত্বৰ অখ্যাতি নানে; বাঘে-সিংহে হলেও অলপ লৰি চাব পাৰি। সেই হে কওঁ, আহে যদি আহোম ৰজা চক্ৰধ্বজসিংহ স্বয়ং আহক, অলপ চিনাকি দি পঠিয়াওঁ। বাৰু, দেখা যাওক। বলাঁ, এইবাৰ সম্প্ৰতি ৰঘুনাথসিংহ আৰু কিৰাতসিংহ বৰ্ত্তিয়াক একেলগে পঠিয়াই আহোঁ।
অজিত।—(স্বগতঃ) আস্পৰ্দ্ধা কাৰ, নেদেখা জনেহে দেখিছে।
(দুইৰো প্ৰস্থান)
(হেবাথৰিখাই চন্দ্ৰনাৰায়ণৰ প্ৰৱেশ)
চন্দ্ৰ।—ইস্, ইস্, ইস্, পৰি-ধৰি মৰোঁ! ভাল জানিবা মিছাতে এইখনত লটিঘটি হৈ মৰিছোঁহি! ৰাজ্য লাভৰ আশা যে এৰিছোঁৱেই, গৈ থৈ দেহাৰো আশা এৰিব লাগিবগৈ যেন হে পাইছোঁ। (গা ভিৰাই উলটি-উভতি পিঠিলৈ চাই) ছিঃ! ধূলি-মাকটি লাগি গোটেই কাপোৰ-কানি গুচিল। (হাতৰ