চানা।—ভেটি ধৰিবাঁ! ঠাৱৰিব নোৱাৰি, পাণ্ডুৰ কোঁঠ এৰি দি আহিও ৰক্ষা পোৱা নাই; পিচে পিচে বাঘে খেদাদি খেদি আহিবই লাগিছে! আৰু, ভেটিবাঁ কাক? কিহেৰে? মই ইতিপূৰ্ব্বেই তোমাক এবাৰ কৈছিলোঁ নহয় যে, লাচিত বৰফুকন সাধাৰণ বীৰ নহয়। তেওঁৰ ৰণ-কৌশল অতি চমৎকাৰ, অতি বিচক্ষণ। তলতীয়া কৰ্ম্মচাৰীবিলাকো তেওঁৰ এনে অনুগামী যে, গা আৰু ছাঁ হে বুলিবাঁ। অন্যৰ কথা নকওঁ, অকল লাচিত ফুকনৰে গতি ৰোধে কোনে? তেওঁ যেনি মুখ কৰে, একেবাৰে এফালৰপৰা দংশি নিয়ে। অসমীয়াৰ ভিতৰত এনে বীৰ আছিল বুলি নাজানিছিলোঁ! যি হওক, আহাঁ, এতিয়া আক্ষেপৰ সময় নহয়; মানাহাৰ কোঁঠ ৰক্ষা কৰোঁগৈ। (দুইৰো প্ৰস্থান) (খোলা তৰোৱালেৰে লাচিত, গন্ধৰ্ব্ব, পানীফুকন প্ৰভৃতিৰ বেগেৰে প্ৰৱেশ )
নেপথ্যত।— ( সৈনিকৰ আৰাৱ ) পলা, পলা, পালেহি, পালেহি!
লাচিত।—আহাঁ, আহাঁ আগবাঢ়ি। চোৱাঁ, চোৱাঁ সৌৱা শিয়ালৰ দল ছিটিকি পলাইছে। গন্ধৰ্ব্বৰে সৈতে মই পিছে পিছে খেদোঁ। পানীফুকনে আনবিলাকৰে সৈতে উভতি আগচি ধৰাঁগৈ।
(বেগেৰে প্ৰস্থান)
গন্ধৰ্ব্ব।—যাওঁ, যাওঁ, ময়ো আগবাঢ়ি ধৰোঁগৈ। বাঘে-খেদা দিওঁ আজি ফেৰুৱাদলক।
(বেগেৰে প্ৰস্থান)।
পানীফুকন।—আহাঁ, আহাঁ আগবাঢ়ি। বিজুলী-বেগেৰে গৈ আগচি ধৰোঁগৈ। শক্ৰক কচু-কটা দি হেঁপাহ গুচাওঁগৈ। মোগলক আজি সমূলঞ্চে নিপাত কৰিম। উলটি লৈ বাৰ্ত্তাদিবলেকো এটা বাকী নৰব। আহাঁ, আহাঁ, যাওঁ উৰাৱত হৈ। (বিপৰীত বাটে সকলোৰে বেগেৰে প্ৰস্থান)
নেপথ্যত।—ধৰ্-ধৰ্, মাৰ্-মাৰ্, কাট, বান্ধ। (সৈনিকৰ আৰাৱ আৰু হিলৈৰ আৱাজ)
(ফিৰুজ আৰু চানাক বন্দী কৰি লৈ পানীফুকন, গন্ধৰ্ব্ব, চক্ৰপাণি,
চন্দ্ৰনাৰায়ণ আৰু লাচিতৰ পুনঃ প্ৰৱেশ)
লাচিত।—(ৰাঙলী খোলা তৰোৱাল জোকাৰি) আজি হে অলপ হেঁপাহ
৭৯