ফিৰুজ।–কিয়, মই তো কোনো কথা তোমাৰপৰা চেপাচি ৰাখিবলৈ চোৱা নাই! বাৰু, যি হল, হল। এতিয়াও নোৱাৰিবাঁ জানো?
মাধৱ।-নোৱাৰিম কেলৈ? অমুকাই নোৱাৰা কাম কি আছে? বৰফুকন দৌতা মোৰ হাতত গুঁথি-লোৱা কড়ি; আৰু কি লাগে?
ফিৰুজ।–ঠিক, পাৰিবা, মোৰ বিশ্বাস হৈছে। কিমান লাগিব কোৱা।
মাধৱ।–কিমান লাগিব। জীৱনটো বেচিলে যিমান পাম সিমান লাগিব। নেদেখিলাঁ, নেওগ-ফুকনৰ জীৱন কেনেকৈ বেচা গল?
ফিৰুজ।-আচ্ছা, একো কথা নাই, মই তোমাক খুচি কৰি হে এৰিম।
মাধৱ।—এৰিবাঁ-নেৰিবাঁ আকৌ কি! হাততে নাপালে অমুকাই চুলি এডালমানো আগ নাবাঢ়ে।
ফিৰুজ।—(ধনৰ মোনা এটা মাধৱৰ কানত আৰি দি) এতিয়া হল নে? এয়া সম্প্ৰতিকলৈ হে, কাৰ্য্য সিদ্ধি কৰিব পাৰিলে আৰু আছে।
মাধৱ।—বাৰু, বাৰু, একো কথা নাই; দৌতাক মই আজিয়েই নালাগিমগৈ হবলা, হেঁঃ। (স্বগতঃ) কোনো উপায়েৰে আঁতৰিব পাৰিলেই হয়! ( প্ৰকাশ্যে) এতিয়াই গলে এতিয়াই লগ পামগৈ। হওঁতে—
( চৈয়দ চানা উধাতু খাই প্ৰৱেশ)
মাধৱ।–(স্বগতঃ) এয়ে আঁতৰিবৰ ছেগ।
(মাধৱ সাউৎকৰে প্ৰস্থান)
ফিৰুজ।–কি হল? হল কি? খবৰ কি?
চানা।—খবৰ বৰ বিষম?
ফিৰুজ।—কেনে বিষম? কি হল? শত্ৰু কিমান দুৰৈত?
চানা।—কিমান দুৰৈত। এয়া, গাতে, পায়হি হে লাগে; বাৰিষাৰ বৰনৈৰ দৰে কল্কল্কৰে আগ বাঢ়িছে।
ফিৰুজ।—কিয়, ভেটি ধৰিব নোৱাৰিলাঁ নে?