পলুৱালোঁ! শত্ৰুৰ তেজেৰে মনাহা ৰাঙলীকৈ বোৱাই আহি হে মোৰ ৰণ–লীপ্সা কিঞ্চিৎমান পৰিতৃপ্ত হল! আহাঁ, মোৰ বীৰ সেনাপতিগণ, আহাঁ মোৰ বীৰ সেনাদল—আহাঁ, মোৰ কাষলৈ আহাঁ, তোমালোকে মোৰ ধন্যবাদ গ্ৰহণ কৰাঁহি। তোমালোক প্ৰকৃত বীৰ; বীৰ প্ৰসৱিনী অসম মাতৃৰ তোমালোক সুযোগ্য সন্তান। তোমালোকৰ আজিৰ সাহ, আজিৰ বল, আজিৰ উৎসাহ, আজিৰ পৰিশ্ৰম আৰু সবাতোপৰি অবিচলিত বিজয়-লক্ষ্য আৰু ৰণ-কৌশলৰ প্ৰতি তোমাসৱৰ একান্ত মনোযোগ মই নশলাগি নোৱাৰোঁ। চমুকৈ কবলৈ গলে, আজিৰ ৰণ-জয় ঘাইকৈ তোমালোকৰ অদম্য উৎসাহ আৰু অসাধাৰণ বীৰত্বৰ ফলত হে লাভ হৈছে। সেই বাবে আজি মই অতুল আনন্দ উপভোগ কৰিছোঁ। এই ৰণৰ বিজয় বাৰ্ত্তা পাই স্বৰ্গদেৱেও অতিশয় সন্তোষ পাব। বলাঁ, এতিয়া যাওঁহঁক, মানাহাত আমাৰ অস্ত্ৰ ধুই, অধিকৃত কোঁঠ চম্জি লৈ, শত্ৰুৰপৰা লাভ কৰা ধন-বস্তু আহিলা-পাতি আমাৰ ব্যৱহাৰৰ জোখাৰে যৎকিঞ্চিত ৰাখি বাকী সমুদায় এই দুই মোগল সেনাপতি বন্দীৰে সৈতে স্বৰ্গদেৱৰ ওচৰলৈ ভেটী পঠিয়াওঁগৈ। এই ধন-বস্তুৰে সৈতে, বিশেষকৈ পাণ্ডুৰ কোঁঠত লাভ হোৱা ৰচদ-পাতিৰে সৈতে স্বৰ্গদেৱে আমাৰ অকালগ্ৰস্ত প্ৰজাবৃন্দক আপদত সহায় কৰি সন্তোষ লভিব। এই ৰণত জয়লাভ কৰি আমি এদোপ্ উধাইছোঁ মাথোন, কিন্তু ইয়াৰ উপৰিও আমাৰ আৰু গুৰুতৰ কাৰ্য্য় আগলৈ আছে। আহাঁহঁক, সদ্যহতে অস্ত্ৰ ধুই গুৱাহাটীলৈ আমি উলটি যাওঁগৈ। ইয়াত আমাৰ দুজন সুদক্ষ সেনাপতিৰে সৈতে দুদল ৰণুৱা ৰখীয়া থৈ যাবলৈ ব্যৱস্থা কৰা হব। আহাঁ, তোমালোকে বন্দী লৈ পিচে- পিচে আহি থাকাঁ।
(প্ৰস্থান)
গন্ধৰ্ব্ব।—আহি থাকাঁ সঙ্গীসৱ, গজ-গমনেৰে আহি থাকাঁ। বৰফুকনৰ গাৰ লগে লগে মই ছাঁও আগ বাঢ়োঁ।
(প্ৰস্থান)
পানীফুকন ।—আহাঁ মোৰ বীৰ সেনাদল। বিজয়-সঙ্গীতৰ সুৰত মন
নচুৱাই গহীন-গমনেৰে গুৱাহাটীমুখে আগ বাঢ়োহঁক।