দিহা নাপাহৰিলে, উৎসাহ নাভাগিলে এইবাৰো যে আমাৰ জয় অনিবাৰ্য্য়, এইবাৰো যে আমি স্বৰ্গদেৱৰ শলাগৰ পাত্ৰ হব পাৰিমহঁক, তাত সন্দেহ নাই।
পানীফুকন।—এইবাৰো আমাৰ জয় অনিবাৰ্য্য়। এইবাৰো শত্ৰুৰ তেজেৰে তৰোৱাল ৰাঙ্গলী কৰি তৃপ্তি লাভ কৰিম। এইবাৰো সিংহৰ আক্ৰোশেৰে মোগল বাঘক চমক্ লগাই স্বৰ্গদেৱৰ শলাগৰ পাত্ৰ হম, তাত সন্দেহ নাই।
চন্দ্ৰনাৰায়ণ।—নাই, সন্দেহ নাই। (স্বগতঃ ) কিন্তু, মোৰ উদ্দেশ্য সিদ্ধিত হে ঘোৰ সন্দেহ মানিছোঁ। অনৰ্থক হে খাটিছোঁ হবলা।
লাচিত। —আহাঁ, তেন্তে আগ বাঢ়োঁ; সিংহৰ সন্তানে সিংহ তেজেৰে আগ বাঢ়োঁ। চাওঁ, আজি কাৰ শক্তি আমাৰ গতি ৰোধ কৰে! (বেগেৰে প্ৰস্থান)
পানীফুকন।—দেখোঁ আজি, বাৰিষাৰ বেগবান ব্ৰহ্মপুত্ৰৰ ঢল ভেটে
কোনে!—আহাঁহঁক, একে উছাহে শত্ৰুক ঢৌৱাই লৈ যাওঁগৈ!
(বেগেৰে প্ৰস্থান)
সকলোৱে।—জয় স্বৰ্গদেৱৰ জয়! জয় লাচিত বৰফুকনৰ জয়!
(ৰণোন্মত্ত হৈ সকলোৰে প্ৰস্থান)
⸻⸻
পঞ্চম গৰ্ভাঙ্ক।
⸻
মানাহামুখ⸺মুকলি ৰণ-ক্ষেত্ৰ।
(ফিৰুজখাঁ আৰু মাধৱচৰণ )
মাধৱ।—মোৰ কথা আপুনি নুশুনিলে। তাৰ-ভেটীৰ ভাগ বিচাৰোঁ বুলি
আপোনালোকে মোৰপৰা কথা লুকুৱালে। মই অমুকাই কিন্তু আটাইবোৰ
জানোঁ। কৰোঁ বোলা হলে অনেক কৰিব পাৰিলোঁহেঁতেন। নকৰিলোঁ, কি দৰ্কাৰ!