পৃষ্ঠা:লাচিত বৰফুকন.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭২
লাচিত বৰফুকন।

 নেওগ।—হে ডাঙৰীয়া! প্ৰাণে নমৰাটো ৰাই দিয়া হলেও ভাল আছিল! (চাউডাঙ্গে নেওগ-ফুকনক বান্ধি বাহিৰ কৰি নিয়ে)।

 পানীফুকন।— (ঘুৰি আহি লাচিতৰ ওচৰত) অপৰাধীক ৰাজ-চৰালৈ পঠিওৱাৰ যুগুত দিহা দি অহা হৈছে। আজিয়েই নিয়া হব।

 লাচিত।—ভাল কথা। এতিয়া আগন্তুক আক্ৰমণৰ আলোচনাত ধৰা হওক। প্ৰথমতে আমি চাব লাগিব, শত্ৰুপক্ষৰ আয়োজন কিমান। মোৰ অনুমানত ইয়াৰ আগৰ দুটা আক্ৰমণতকৈ এইবাৰ শত্ৰুৰ আয়োজন বহুল।— অনুমান কিয়, দেখাকৈয়ে বহুল। কিয়নো, আমাৰ চোৰাংচোৱাই সন্ধান লৈ আহিছে যে, মোগলৰ ভালেমান ৰণতৰী অতি বেগেৰে উজাই আহিব লাগিছে, শীঘ্ৰে পাণ্ডুঘাটৰ কাষ চাপিবহি। এতেকে, শত্ৰুৰ সেই ৰণবল আহি যোগ হবলৈ নৌ পাওঁতেই আমি তুৰন্তে পাণ্ডুৰ কোঁঠ অৱৰোধ কৰিবগৈ লাগে। এইবাৰত কিন্তু আগবাৰৰ দিহা নাখাটিব; কিয়নো, কোঁঠ অৱৰোধ কৰা আৰু শত্ৰুৰ ৰণবলৰ যোগান আঁতৰাই ৰখা এই দুটা সুকীয়া কাৰ্য্য সমানে চলিব লাগিব। গতিকে, এইবাৰ মই সমুখত থিতাপি হৈ ৰব নোৱাৰিম, কোঁঠৰ চতুঃপাশে ঘুৰি, মই নিজে চকু দি ফুৰিব লাগিব। গতিকে, নতুন দিহা মতে সোঁ হাতে সলাল গোহাঞি, বাওঁ-হাতে বাৰুকিয়াল গোহাঞি, পিচত বৰগোহাঞি ফুকন, সমুখত চন্দ্ৰনাৰায়ণ আৰু চক্ৰপাণি ৰাজখোৱাৰে সৈতে পানীফুকনে নায়কৰ কাৰ্য্য কৰিব; গন্ধৰ্ব্বনাৰায়ণে মোৰ আশে-পাশে কোঁঠৰ চৌপাশে ঘূৰি থাকিব আৰু যি ক্ষণতে যাক যেনে উপদেশ দিয়া যাব, সেই বিষয়ে সেইজনক প্ৰতি ক্ষণে জনাই থাকিব। এই খিনিতে কৈ থোৱা উচিত যে, মোৰ দৃষ্টি অৱৰুদ্ধ কোঁঠৰ ওপৰতকৈ উজাই অহা শত্ৰুৰ ৰণতৰীৰ ওপৰত হে বেচি তীব্ৰভাৱে পৰিব। আৰু, কোৱা বাহুল্য মাথোন যে, কোঁঠৰ ওপৰত চাৰিও ফালৰপৰা পাৰ্য্য়মানে সমভাৱে হেঁচা দিবলৈ চাব লাগিব। সেই অৰ্থে লাটুম বৰুৱাই অশ্বাৰোহী ৰণুৱা এদলৰে সৈতে ইজন নায়কৰ কথা সিজনক ক্ষণে-ক্ষণে জনাই থাকিব। এয়ে এইবাৰৰ দিহা; ভালকৈ মনত ৰাখি চলিবাহঁক।