পৃষ্ঠা:লাচিত বৰফুকন.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ গৰ্ভাঙ্ক।

পাণ্ডুঘাট,—আহোমৰ গড়খাৱৈ।

(লাচিত, পানীফুকন, চক্ৰপাণি, চন্দ্ৰনাৰায়ণ, নেওগ-ফুকন, চাউডাং)।

 চন্দ্ৰনাৰায়ণ।— বৰফুকন ডাঙৰীয়া! আজি অপৰাধী নেওগ-ফুকনৰ বিচাৰৰ দিন। যথাবিহিত কৰাৰ অৰ্থে স্মৰণ কৰোৱা হৈছে।

 পানীফুকন।—মোৰ বোধেৰে উপস্থিত ৰণৰ কাৰ্য্য়ালোচনাৰ পুৰ্ব্বেই সেই আপদীয়া বিচাৰৰ লেঠা মাৰি লোৱা ভাল।

 লাচিত।— সেই বিচাৰৰ তত্ত্ব অনুসন্ধানৰ কাৰ্য্য় শেষ হৈ গৈছে; প্ৰমাণৰ আৰু বাকী নাই, মাত্ৰ বিচাৰৰ ৰাই দিবলৈ হে বাকী। নেওগ-ফুকনে মোগল থানাদাৰ ৰচিদ্‌খাঁৰে সৈতে চক্ৰান্ত কৰি আমাৰ অধিকাৰৰ কোঁঠবিলাক শত্ৰুৰ হস্তগত কৰাবলৈ আৰু আমাৰ ফালৰ ভিতৰুৱা প্ৰস্তাব আৰু আয়োজনৰ বিষয়ে গোপনে মোগল কৰ্ম্মচাৰীক জানিবলৈ দি, গুৱাহাটী দখল আমাৰ পক্ষে অসম্ভৱ কৰি তুলিবলৈ ষড়যন্ত্ৰ কৰাটোও প্ৰমাণিত হৈছে। গতিকে, আমাৰ বিচাৰত তেওঁক বিশ্বাসঘাতকতা অপৰাধৰ বাৰে তৰোৱালৰ ধাৰত দিয়াটোকে সিদ্ধান্ত কৰিছোঁ। এতিয়া আমাৰ এই সিদ্ধান্তই সৈতে অপৰাধীক স্বৰ্গদেৱৰ সমীপলৈ পঠিয়াব লাগে। দেশতকৈ বিষয়া বৰ হব নোৱাৰে।

 চক্ৰপানি।— উচিত বিচাৰ। দোষ চাই দণ্ড হৈছে।

 লাচিত।—পানীফুকনে অপৰাধীক নি স্বৰ্গদেৱৰ চৰালৈ পঠিয়াবৰ যুগুত দিহা দি আহাগৈ।

 পানীফুকন।—ডাঙৰীয়াৰ আদেশ শিৰোধাৰ্য্য়। চাউডাং, অপৰাধীক বান্ধ, বাজ কৰ,লৈ আহ।

(আগ বাঢ়ি প্ৰস্থান)