কেতেকী।—জানো, বাকলি! সেইটো আইদেৱে হে জানে। কি বোলে আইদেউ?
পিজলা।— (মিছা-খং দেখুৱাই) হেঁই এই জনী!
কেতেকী।—অ, জগৰ মোৰ ওপৰত হে পৰিল? ডেকা-দৌতা, আপুনি সাৰিল। হক, বাৰু ময়ে পৰোঁ জগৰত।
পিজলা।— কথা কোৱাৰ বাব গোটেইটো কেতেকীয়েই নলবিচোন বাৰু।
কেতেকী।—ওঁ নলওঁ, নলওঁ। আপোনাসকলকে দিছোঁ। আপোনা- সকলে কথা পাতক। মই শুনাৰ ভাগটোকে লৈছোঁ।
গন্ধৰ্ব্ব।—কিনো কথা পাতিম, কবলৈ দেখোন কথাই নোলায়! অন্তৰত হলে পাচিয়ে পাচিয়ে আছে। উঃ, ঘামতে কপোঁচোন!
পিজলা।—আটাইৰে একে দশা।
কেতেকী।—আপোনাৰো নে আইদেউ?
পিজলা।—হেঁই এই জনী। টপ্টপাই নাথাকিবি দেই। ভুকু খাবি।
কেতেকী।— ওঁ, নাথাকোঁ, মই যাওঁৱেই; ভুকু কেইটাৰ বাব সাৰোঁ।
(প্ৰস্থান)
পিজলা।—(সেমেনাসেমেনিকৈ) এ, যাওঁ বুলিয়েই গুচি গল এই এজনী!
গন্ধৰ্ব্ব।—যাওক, তাই আমনি কৰিহে আছিল।
পিঙ্গলা।— (আঁচলেৰে মুখ ঢাকি) আমনি কৰা নাছিল, আপোনাৰ কামকে কৰি হে আছিল।
গন্ধৰ্ব্ব।—অ, হয় নে? আমাৰ কিবা কাম কৰিছিল?
পিজলা।— (চকুলৈকে ঢাকি) কিবা চিঠি একণৰ কথা। তাকে তাই পেৰি আছিল।
গন্ধৰ্ব্ব।—অ, হয় তেন্তে। সেইটি মোৰে কাম কৰিছিল। পিছে, তাৰ সমিধানলৈ আশা কৰিব পাৰোঁ জানো?
পিজলা।— (মূৰলৈকে ঢাকি) সকলো কথা দেউতাৰ ইচ্ছাৰ তল।