পৃষ্ঠা:লাচিত বৰফুকন.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭০
লাচিত বৰফুকন।

 গন্ধৰ্ব্ব।—সঁচা, মোৰ কৰ্ত্তব্যাকৰ্ত্তব্যও সকলো তেখেতৰ ইচ্ছাৰ তল মই তেখেতক সদায় মূৰ্ত্তিমান গুৰু-দেৱতা যেন দেখোঁ।

 পিজলা।—সেইটো স্বাভাৱিক। কৰ্ত্তব্যৰ মিল হলে মানুহৰ মনৰো মিল হয়। এতিয়া সেই কৰ্ত্তব্যত নাম কৰিব পাৰিলেই সন্তোষ। (লাহে লাহে মুখ উলিয়ায়)।

 গন্ধৰ্ব্ব।—বেচ কৈছাঁ। তেখেতৰ মন আৰাধনা কৰিও পাবলৈ টান; কিন্তু ৰণ-কৌশলত কুশল দেখিলে সেই মন আপুনি কুমলি অহা যেন দেখোঁ।

  পিজলা।—নিজেই বুজিছে তেনেহলে। যি কাৰ্য্য়েৰে দেউতাক সন্তুষ্ট কৰিব পাৰি, তাৰ চেষ্টাত থাকিলে মনোবাঞ্ছা পূৰ হলে হব পাৰে।

 গন্ধৰ্ব্ব।— ইয়াতকৈ আৰু ভাঙ্গি কব নালাগে; মই সুন্দৰকৈ বুজিছোঁ। মুখেৰে ইয়াত কলে কি হব, কাৰ্য্য়েৰে কাৰ্য্যক্ষেত্ৰত দেখুৱাব পাৰোঁ যেন, ঈশ্বৰৰ চৰণত এই কামনা।

  পিজলা।—শুনি বৰ সন্তোষ পালোঁ। এই সন্তোষ যেন চিৰলগৰীয়া হয়, ভগৱন্তৰ চৰণত এই কামনা।

 গন্ধৰ্ব্ব।— (উচ্ পিচাই) উঠিবৰ মন নাযায়! ইফালে কৰ্ত্তব্যয়ো নেবে।

 পিজলা।—ভাল, উঠক বাৰু আজিলৈ। মাজে মাজে আহি ৰণৰ কথা শুনালে সন্তোষ পাম।

 গন্ধৰ্ব্ব—বাৰু, অনুৰোধ সাদৰে মনত ৰাখিছোঁ।  ( প্ৰস্থানলৈ উদ্যত।)

 পিজলা।—কেতেকী বায়ে বা কৰিছেগৈ কি? চাওঁগৈচোন। (উঠি যায়।)

 গন্ধৰ্ব্ব।—( অকলে) অহ, কেনে হৃদয়গ্ৰাহী সঙ্কেত! লাজুকী গাভৰুৰ কোমল হিয়াৰ কৰুণ ভাব সাদৰী কথাৰ মধুৰতাৰ মাজেদি কেনেকৈ বিৰিঙ্গি পৰিছিল! হাঁয়, সেই ক্ষণটিত মই নো কোন্ স্বৰ্গত আছিলোঁ কব নোৱাৰোঁ! মাজে মাজে আহি ৰণৰ কথা শুনাব লাগিব। ইয়াতকৈ আৰু সুখৰ সমিধান কি হব পাৰে? যি কৰে ঈশ্বৰে! যাওঁ, কৰ্ত্তব্যে টানিব লাগিছে।  (প্ৰস্থান)