পৃষ্ঠা:লাচিত বৰফুকন.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬৮
লাচিত বৰফুকন।

 কেতেকী।—পিচে আৰু, কি আৰু, খং নাই কৰা বুলি কওঁ।—বেয়া কওঁ জানো?

 পিজলা।—নাই কোৱা বেয়া। (হাঁহে)

 কেতেকী।—এৰা, বেয়া হলে কৈ দিব। শিকাই দিব। যেনেকৈ শিকায় তেনেকৈ কম।

 পিজলা।—আজি লগ পোৱা নাই হবলা?

 কেতেকী।—পাইছিল। নিতৌ পায়। আৰু, নিতৌ আপোনাক চাই যায়হি নহয়।

 পিজলা।—ইঃ।

 কেতেকী।—সঁচা, মৰি যাবলৈকে। ঠিক এতেপৰতে আহে। আহি জুমি চাই চাই গুচি যায়।

 পিজলা।—ইঃ, মিছা।

 কেতেকী।—শপত খালেও নপতিয়ালে আৰু কি কৰিম! (বাহিৰলৈ গম্ লৈ) চাওঁচোন, কি জানি বা আহিছেই। (উঠি গৈ দুৱাৰ মেলি দিয়ে);

(গন্ধৰ্ব্বনাৰায়ণ তলমূৰ হৈ ওলাইপৰে!)

 কেতেকী।—সেয়াচোন এতিয়া! কলেও নপতিয়ায়!

 পিজলা।— (লাজত তলমূৰ কৰে )।

 গন্ধৰ্ব্ব।— (তলমূৰকৈ) নিজে যে অপ্ৰস্তুত হৈছোঁৱেই, আনকো আমনি কৰিবলৈ হে আগতে ওলাই পৰিলোঁ!

 কেতেকী।—নাই, একো আমনি কৰা নাই। ডেকা-দৌতাই একো আমনি কৰা নাই। (পিজলাৰ কাণৰ ওচৰত) আইদেউ, বহিবলৈ দিম জানো?

 পিজলা।— (কওঁ-নকওঁকৈ ) ওঁ, দে বাৰু।

 কেতেকী।— (আসন পাৰি দি ) ডেকা-দৌতা বহক।

 গন্ধৰ্ব্ব।— (চুচুক্চামাক্‌কৈ বহি ) কি জানি কিবা জগৰেই লগাইছোঁ এথোন? বহোঁ বাৰু।