পৃষ্ঠা:লাচিত বৰফুকন.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬৫
লাচিত বৰফুকন।

তুলিব পৰা যাব। যাওক, সি পাচৰ কথা, সম্প্ৰতি ৰাজভঁড়ালৰপৰা আকাল- গ্ৰস্ত প্ৰজাক যথাৱত ৰূপে সাহায্য দান কৰিবলৈ ধৰা হওক; ৰাজ্যত আমাৰ এই ৰণজয়ৰ আনন্দ চৌপাশে ৰাষ্ট্ৰ হওক।

 বুঢ়াগোহাঞি।— হৈছে, স্বৰ্গদেৱ! এই সংসৰ্গত প্ৰজাই আনন্দ অনুভৱ হোৱাটো একান্ত বাঞ্ছনীয়। তাৰ লগতে মই প্ৰস্তাব কৰোঁ যে, আমাৰ ৰণবিজয়ী উৎসাহী বৰসেনাপতি লাচিত বৰফুকনৰ উৎসাহ বঢ়াবলৈকো যথাৱত সুব্যৱস্থা কৰিব লাগে।

 বৰবৰুৱা।— অতি উত্তম প্ৰস্তাব।

 ৰজা।—বৰ ভাল কথা। লাচিত বৰফুকনৰ আমি নিশ্চয় গুণ লোৱা উচিত। বিশেষতঃ, এই সময়ত তেওঁৰ যথোচিত গুণ লৈ তেওঁক উৎসাহিত কৰা নিতান্ত প্ৰয়োজন। এতেকে, তেওঁ যেনেকৈ শত্ৰুৰ কোঁঠ দখল কৰি আমালৈ বিস্তৰ ধন-বস্তু পঠিয়াইছে, আমিও সেই দৰে তেওঁৰ ৰণ-জয়ৰ শলাগৰ নিদৰ্শন স্বৰূপ তেওঁলৈ যথাযোগ্য উপহাৰ পঠিওৱা উচিত। সেই অৰ্থে, তেওঁলৈ যথা সম্মানেৰে এখন সোণৰ ডঁৰিকা-দিয়া তৰোৱাল, এগছ সোণৰ বন্-কৰা টঙ্গালি আৰু এটা উত্তম ৰণুৱা বগা ঘোঁৰা আমাৰপৰা উপহাৰ পঠিয়াবলৈ আমি আদেশ দিছোঁ। অনতিপলমে ইয়াৰ দিহা হব লাগে।

 বৰগোহাঞি।—নিশ্চয় হব, স্বৰ্গদেৱ! অকল এই ৰণত জয় লাভ কৰাৰ বাবেই নহয়, ইতিপূৰ্ব্বে মিৰজুম্লাৰ আক্ৰমৰ সময়ত তেওঁ যি বীৰত্ব দেখুৱাইছিল সেই বাবেও তেওঁ শলাগৰ পাত্ৰ। লাচিত বৰফুকন বাস্তৱতে এজন অসাধাৰণ বীৰ।

 বৰবৰুৱা—লাচিত বৰফুকনৰ বীৰত্বৰ বিষয়ে বোধ কৰোঁ কাৰো দ্বিধা মত নহব। এনে জন পুৰুষত বৰসেনাপতিৰ বাচনি পৰাটো বৰ প্ৰসংসনীয় হৈছে।

 ৰজা—সেই বাবে আমি বুঢ়াগোহাঞি ডাঙৰীয়াৰ শলাগ লৈছোঁহঁক।

 বৰবৰুৱা।-স্বৰূপ কৈছে স্বৰ্গদেৱে; তেওঁৱেই হে এই প্ৰস্তাব পোনেই আগ বঢ়াইছিল।