পৃষ্ঠা:লাচিত বৰফুকন.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬৬
লাচিত বৰফুকন।

 ৰজা।—বাৰু, যাওক, এতিয়া আন আলোচনাত ধৰিব লাগে। প্ৰথম দুখন ৰণত জয় লাভ কৰিয়েই আমি আনন্দ-বিহবল হব নালাগে; আগলৈ আমাৰ আৰু গুৰুতৰ কাৰ্য্য় ভালেমান বাকী ৰৈছে। এতিয়ামানে আমাৰ ৰণ- বল আগ বাঢ়ি গুৱাহাটী পাবগৈ পায়। তাত সম্প্ৰতি পাণ্ডুৰ কোঁঠ আমি হাত কৰাৰ আৱশ্য়ক; বৰফুকনে বোধ কৰোঁ তাৰ আক্ৰমণৰ যুগুত দিহা- লগাবগৈ পায়। ইতিমধ্যত ইফালে কিন্তু আমি সকলো প্ৰকাৰে তেওঁৰ সহায় হবলৈ সাজু থকা বিধেয়; সঙ্কটত লাগ বুলিলেই যাতে তেওঁক আমি যথোচিত ৰণবলৰ যোগান দিব পাৰোঁ, তাৰ আয়োজন হোৱা উচিত। সেই অৰ্থে বুঢ়াগোহাঞি ডাঙৰীয়া আৰু বৰগোহাঞি ডাঙৰীয়াই নিজ নিজ ৰণবল যুগুত কৰি লৈ সাজু থাকিবাহঁক।

 বুঢ়াগোহাঞি।—হৈছে, স্বৰ্গদেৱ! সেই বিষয়ত মই আওকণীয়া হৈ থকা নাই। লাচিত বৰফুকনে যুদ্ধযাত্ৰা কৰাৰ দিনধৰি মই ভিতৰি সেই আয়োজনত আছোঁৱেই; এতিয়া স্বৰ্গদেৱৰ আদেশ মতে প্ৰকাশ্য আয়োজনত ধৰা হব। মোৰ বোধৰে বাঁহবাৰী আৰু কাঁজলীৰ কোঁঠ দখল কৰাৰপৰা বৰফুকনৰ ৰণবল সিফালে বাঢ়িছে আৰু তেওঁ সতকাই ইফালৰ সাহায্যলৈ হাত মেলিব নালাগিব; তথাপি আমি সাজু থকা উচিত।

 বৰগোহাঞি।— সঁচা, তথাপি আমি সাজু থকা উচিত। বুজিব নোৱাৰি, সিফালে মোগলৰ ৰণ-বলো সামান্য নহয়; তাতে আমাৰ পক্ষ এতিয়া লোকৰ দখলত সোমাইছেগৈ।

 ৰজা।—তোমালোক দুয়োজনৰ ভাব আৰু কাৰ্য্য়ৰ গতিৰ মিল দেখি বাস্তৱতে আমাৰ সন্তোষ লাগিছে। আমি আদিৰেপৰা পাঙ্গি আছোঁ যে, লাচিত বৰফুকনে ৰণ-বল যোগান খোজাৰ সঙ্কেত দিয়া মাত্ৰে ইফালৰপৰা তোমালোক দুজনক এজন-এজনকৈ পঠিয়াম বুলি; আৰু আৱশ্যক হলে বৰবৰুৱা আৰু বৰপাত্ৰক নগৰ ৰখীয়া থৈ আমি স্বয়ং ৰণযাত্ৰা কৰিম।