পৃষ্ঠা:লাচিত বৰফুকন.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬৪
লাচিত বৰফুকন।


 পানীফুকন।—শুনা প্ৰতিধ্বনি—“আমাৰ জয় অনিবাৰ্য্য। পুনৰপি উচ্চাৰোঁ, ‘আমাৰ জয় অনিবাৰ্য্য'। আমাৰ হাতত এইবাৰ মোগলৰ পৰাজয় ধ্ৰুব-নিশ্চয়।
 লাচিত।—জানিবাহঁক, আগৰ দিহাই দিহা। আকৌ এবাৰ দোহাৰি কওঁ, শুনিবাঁহঁক;সোঁ-হাতে পানীফুকন, বাওঁ-হাতে সলাল গোহাঞি, পিচৰপৰা ৰাজখোৱা, সম্মুখে দি মই নিজে; দেখিবাহঁক, আক্ৰমণৰ হেঁচাটো যাতে চাৰিওফালৰপৰা সমানে পৰে। এয়ে মুঠ, দিহা, আহাঁ যাওঁ, আগ বাঢ়োঁ, একে উশাহতে গৈ শত্ৰুৰ ওপৰত পৰোঁগৈ।
 পানীফুকন।-—আগ বাঢ়োঁ, আহাঁহক; নিশ্চয় জিনিম আমি।
 পালি-সেনাপতি দল।--জয় স্বৰ্গদেৱৰ জয়! জয় বৰসেনাপতিৰ জয়!

(ৰণোন্মত্ত হৈ সকলোৰে বেগেৰে প্ৰস্থান।)

 

দ্বিতীয় গৰ্ভাঙ্ক।

গড়গাওঁ,—ৰজাৰ বৰচৰা।

( চক্ৰধ্বজসিংহ, বুঢ়াগোহাঞি, বৰগোহাঞি বৰপাত্ৰগোহাঞি, বৰবৰুৱা )

 ৰজা।—বৰ সন্তোষৰ কথা, প্ৰথম ৰণ দুয়োখনতে আমাৰ জয় হৈছে; বাঁহবাৰী আৰু কাঁজলীমুখৰ কোঁঠ আমাৰ হস্তগত হৈছে। এই দুটা কোঁঠ পুনঃ আমাৰ হাতলৈ অহাত আমাৰ বিশেষ লাভ বুলি ধৰিব লাগে। কাৰণ এই দুই কোঁঠৰ অধীনস্থ ৰাজ্যৰ প্ৰজাৰ বৰ্ত্তমান অবস্থা বৰ টনকিয়াল, এই ৰাজ্যৰ সংসৰ্গত আমাৰ ইফালৰ এছোৱা আকালগ্ৰস্ত ৰাজ্যৰ অৱস্থা আকৌ অলপ