লাচিত বৰুৱা।—(উত্তেজিত হৈ) বাৰু, পাবি জবাব, যা। নগণ্য থানাদাৰ এটাৰ হুকুম!
(দূতে সৈতে দুৱৰীৰ প্ৰস্থান)
ৰজা।—(পত্ৰ পঢ়ি জ্বলি উঠি) কি! ইমান সাহ! এটা সামান্য থানাদাৰৰ এনে বৰকথা! স্বয়ং দিল্লীৰ সম্ৰাটে এনে শকত কথা কলেও আমি কদাপি নাহোঁ। মোগল সম্ৰাটৰ এটা সামান্য কৰ্ম্মচাৰীৰ এনে অপমানসূচক টান কথা শুনি নিটাল মাৰি ৰব লাগিলে নিশ্চয় ইন্দ্ৰবংশী আহোম ৰজাৰ গৌৰৱ হানি হব। যি নাম, যি গৌৰৱ আমাৰ পুৰ্ব্বৰাজসকলে অতকাল অম্লানভাবে ৰক্ষা কৰি গৈছে, সেই নাম-গৌৰৱত এতিয়া কিবা স্বৰূপে চেকা পৰিব লাগে যদি, আমি নিশ্চয় এই ৰাজপাটৰ যোগ্য নহম। পেচ্কচ্, আৰু চই শোধোৱাত পলম হোৱা বাবেই সামান্য কৰ্ম্মচাৰী এটাৰপৰা এনে কৰ্কশ বাক্য সহিব লগা হলে আমাৰ মনুষ্যত্বই মিছা! সেই পেচ্কচ্, আৰু চই শোধোৱাৰ ফল স্বৰূপেইতো আমাৰ ৰাজ্যৰ ইছোৱা আজি অধঃপতে যায়। তদুপৰি, গুৱাহাটী অঞ্চলৰ অসমীয়া প্ৰজাবৰ্গৰ প্ৰতি মোগলৰ আচৰণ আৰু উৎপীড়ন অসহনীয় হৈ উঠাত, নামনি অসমৰ আমাৰ প্ৰজাবৰ্গে আমাক কাতৰ ভাৱে জনাইছে, সিবিলাকক আমি অনতিপলমে উদ্ধাৰ কৰিব লাগে বুলি। আমাৰ সেই অঞ্চলৰ প্ৰজাবৰ্গৰ ৰাজভক্তিত আমি বিমোহিত; আৰু সিবিলাকৰ কাতৰুক্তিত আমি মম্মান্তিক! বিশেষতঃ, একে জাতি অসমীয়া প্ৰজা দুজাতি হৈ, দুই ৰাজ-শাসনৰ তলত বাস কৰাটো নিতান্ত অস্বাভাবিক। এতেকে, এনে অৱস্থাত আৰু অনৰ্থক পলম কৰা বিধেয় নহয়; পেচ্কচ্, আৰু চইৰ পৰিবৰ্ত্তে আমি ৰণ দিবলৈ হে প্ৰস্তুত বুলি পত্ৰোত্তৰত কোৱা যাওক। আমাৰ এই মত; সভাসদৰ অভিমত প্ৰকাশ কৰাৰ আৱশ্যক।
সবাৱে একবাক্যে।— স্বৰ্গদেৱৰ মতেই আমাৰো মত।
লাচিত বৰুৱা।— মোৰ বোধেৰে পত্ৰোত্তৰৰ লগে-লগেই ৰণ ঘোষণা কৰি দিয়া হে যুগুত। নতু শত্ৰুক সময় আৰু সুবিধা দিয়া হয় মাথোন।
৭১