পৃষ্ঠা:লাচিত বৰফুকন.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬০
লাচিত বৰফুকন।

 বুঢ়াগোহাঞি।—স্বৰূপ কথা। বৰুৱাদেৱৰ লগত মোৰ মত সম্পূৰ্ণ মিলিছে।

 বৰগোহাঞি।—সঁচা, ৰণ দিয়াটোৱেই স্থিৰ যেতিয়া, পলম কৰাৰ সকাম নাই। শুভস্য শীঘ্ৰম্।

 ৰজা।—ভাল কথা। ততালিকে ৰণ ঘোষণা কৰি দি, তাৰ আয়োজনত ধৰা যাওক।

 বুঢ়াগোহাঞি।—হৈছে, স্বৰ্গদেৱ! আয়োজনত আজিয়েই ধৰা যাব। আৰু স্বৰ্গদেৱৰ অনুমতি হলে, ৰণৰ ঘাই-সেনাপতিও আজিয়েই বৰণ কৰিব পৰা যায়।

 ৰজা।—সজ কথা। এজন বাচাঁহঁক।

 বুঢ়াগোহাঞি।—মোৰ বিবেচনাত আমাৰ লাচিত বৰুৱাদেৱেই ঘাই সেনাপতিৰ নিমিত্তে সুযোগ্য পাত্ৰ। মিৰজুম্লাৰ আক্ৰমণতে আমি তেওঁৰ বীৰত্ব আৰু ৰণ-পাণ্ডিত্যৰ পৰিচয় পাই থৈছোঁহঁক। তেওঁৰ বিক্ৰমৰ কথা বোধ কৰোঁ মোগলেও পাহৰা নাই।

 সভাসদ্।— উত্তম বাচনি।

 ৰজা।— উত্তম প্ৰস্তাব। লাচিত বৰুৱাদেৱকে আমি বৰসেনাপতিৰ বাব দিছোঁ। তেওঁক আজিৰপৰা কলিয়াবৰৰ বৰফুকন পাতি, বৰ্ত্তমান বৰফুকন ঘোৰাঁকোৱঁৰক বৰবৰুৱা পতা হল। সদ্যহতে মোগলৰ বাঁহবাৰী আৰু কাঁজলীৰ কোঁঠ দখল কৰি গুৱাহাটীলৈ আগবাঢ়িবলৈ আমাৰ নতুন বৰফুকনক আদেশ দিয়া গল। তাৰ পাচত, সময়ানুযায়ী আদেশ আমাৰপৰা তেওঁ পাই থাকিব। লাচিত বৰুৱাৰ বীৰত্বৰ বিষয় আমাৰো অবিদিত নহয়। মোগল সেনাপতি মিৰজুম্লাই আমাৰ নগৰ অৱৰোধ কৰি থকা কালত কেইবাখনো সমুখ-সংগ্ৰামত বৰুৱাদেৱে তেওঁক বিষমকৈ ঘটাইছিল; আৰু সদৌশেহত ঠাৱৰিব নোৱাৰা যেন দেখি হে মিৰজুম্লাই চক্ৰান্তৰ ওপৰত আমাৰে সৈতে সেই মাৰাত্মক সন্ধি স্থাপন কৰি ইয়াৰপৰা বিদায় লয়।