লাচিত বৰুৱা।—অতি যুক্তিসঙ্গত কথা। আৰু, মোৰ বোধৰে নিতান্ত অধঃপাতে যাব লগা আছে যদি, ততালিকে যোৱাই শ্ৰেয়ঃ; লাহে লাহে তললৈ গৈ থাকি লেলাত ভুঞ্জাৰ মাত্ৰা বঢ়াব লাগিছে কিয়? ৰণ পাতি ললে, হয় জয়, নহয় পৰাজয়; হয় উঠন, নহয় পতন আছেই। কিন্তু, এই পন্থা অনিশ্চিত নহয়; আৰু এই পন্থাত চলিলে হে প্ৰজাৰ বৰ্ত্তমান দুখ-কষ্ট নিবাৰণৰ অৰ্থে ৰাজভঁড়ালৰপৰা সাহায্য দান কৰাটো সঙ্গত বিবেচনা কৰোঁ।মই ডাঠি কওঁ, ৰণত আমাৰ জয় হব। দুখীয়া হৈছে বুলি, অসমীয়া ৰণুৱাৰ তেজ পানী হোৱা নাই।
(দুৱৰীৰ প্ৰৱেশ)
দুৱৰী।—স্বৰ্গদেৱ ঈশ্বৰ! দুৱাৰত গুৱাহাটীৰপৰা আহি এজন দূত উপস্থিত। তেওঁৰ হাতত এখন পত্ৰ দেখা পালোঁ।
বুঢ়াগোহাঞি।—স্বৰ্গদেৱৰ আজ্ঞা হলে আহিব পাৰে, আহিলে এই সময়ত অলাভ নহব বোধ কৰোঁ।
ৰজা।— বাৰু, আহিব পাৰে, আনগৈ।
দুৱৰী।—যি আজ্ঞা, স্বৰ্গদেৱ-ঈশ্বৰ।
(প্ৰস্থান)
ৰজা।—গুৱাহাটীৰ থানাদাৰৰ ওচৰৰপৰা আহিব পায়।
বৰগোহাঞি।—হব পায়, স্বৰ্গদেৱ!
(দূতে সৈতে দুৱৰীৰ পুনঃ প্ৰৱেশ)
বুঢ়াগোহাঞি।— সকাম কি দূত?
দূত। (পত্ৰ এখন আগবঢ়াই দি} ডাঙৰীয়া-দেউতা! গুৱাহাটীৰ থানাদাৰ চাহাবে স্বৰ্গদেৱ-ঈশ্বৰলৈ এই খন পত্ৰ দি পাচিলে।
বুঢ়াগোহাঞি। (পত্ৰ হাতত লৈ) বাৰু, দুৱৰী, দূতক লৈ যা, কোটোৱালক গতাই দে গৈ। যথা শুশ্ৰূষাৰে আৰু যতনেৰে ৰাখক। (ৰজাৰ হাতলৈ পত্ৰখন আগবঢ়াই দিয়ে)
দূত।—দেউতা-ঈশ্বৰ! থানাদাৰ চাহাবে পত্ৰৰ জবাব লৈ যাবলৈ কৈ
পঠিয়াইছে।