পৃষ্ঠা:লাচিত বৰফুকন.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫৫
লাচিত বৰফুকন।

কৰ-কাটলৰ হেঁচা! জুৰুলা প্ৰজা এনে হেঁচাত চেপেটা হব লগা হৈছে। এই দৰে আৰু বছৰদিয়েক পাৰ হবলৈ দিলে আমাৰ প্ৰজা আৰু নাথাকে, সমূলঞ্চে অন্ত পৰিব; আমি মাথোন এৰা বাড়ীৰে হে ৰাজ্য পাতিব লাগিব। এতেকে, এতিয়া সজ আলোচনা কৰি আমাক যুগুত পৰামৰ্শ দিয়াহঁক, এই পঞ্চমুখী ৰাজ্য উদ্ধাৰৰ অৰ্থে কি উপায় কৰা যায়। উপস্থিত সভাসদ্সকলে নিজ নিজ মত ব্যক্ত কৰি গৈ থাকাঁ, দেখোঁ সৰহ ভাগে কি উপায় দিয়ে।

 বৰগোহাঞি।—সঁচা, স্বৰ্গদেৱ! ৰাজ্য জুৰি প্ৰজাৰ হাহাকাৰ! পিন্ধিবলৈ নেপোৱাটো যি হওক, খাবলৈ নাপাই যে প্ৰজা মৰি অন্ত পৰে এতিয়া ! অনতিপলমে ইয়াৰ এটা উপায় নকৰিলেই নহৈছে। মোৰ বোধেৰে আকালত পৰা প্ৰজাক ৰাজভঁড়ালৰপৰা অন্নদান দি সদ্যহতে ৰক্ষা কৰা যাওক।

 লাচিত।— প্ৰস্তাব বেয়া নহয়; কিন্তু মোৰ মনেৰে প্ৰজা বুজি অৰ্থদানও হব লাগে। কিয়নো, এতিয়া একঠা চাউলত এটা হৈছে। আৰু, ইতিমধ্যত ৰণলৈকো সষ্টম হোৱা যুগুত। বিনা ৰণে গুণ নিদিব।

 বৰপাত্ৰ।—মোৰ মনেৰে ৰজাঘৰীয়া সাহায্য কিমান দিনলৈ চলিব, তাৰো এটা সীমা ৰখা উচিত। নতুবা, অনিশ্চিত কাললৈ অবাৰিত দুৱাৰে সেই সাহায্য মেলি দিব লাগিলে, ৰাজভঁড়াল উদং হৈ ৰজা-প্ৰজা দুইৰো সমানে কঁকাল পৰিব ; আৰু তেতিয়া কাকো কেৱে চাব নোৱাৰা হৈ ৰাজ্য ৰসাতললৈ যাব!

 বুঢ়াগোহাঞি।— প্ৰস্তাৱ আটাইবিলাক যুক্তিযুত হৈছে। ৰাজভঁড়ালৰপৰা সাহায্য দানত মোৰ অমত নাই। কিন্তু, ফুটা পাত্ৰত পানী ভৰোৱা যুক্তি মোৰ নহয়। মোৰ যুক্তিৰে, আগধৰি প্ৰজাৰ অৱস্থা আগলৈ ক্ৰমাৎ পৰি যোৱাৰ বাট নমৰাকৈ ৰাজ-অনুগ্ৰহ আগ বঢ়োৱা কাচিতো উচিত নহব। গতিকে, যিবোৰ কাৰণত প্ৰাজাৰ ভিতৰুৱা অৱস্থা ক্ৰমাৎ হীন হৈ ৰাজ্যৰ দুৰৱস্থা বাঢ়িবলৈ ধৰিছে, প্ৰথমে তাৰ তত্ত্ব লোৱা কৰ্ত্তব্য; তাৰ পাচে তাৰ প্ৰতিবিধান উপায় চিন্তা বিধেয়। প্ৰজাৰ দুৰ্গতিৰ যে সীমা নোহাৱাত