নেওগ।— তেতিয়া হওঁতে একো কৰিব নোৱাৰে, কিন্তু—
ৰচিদ্।—কিন্তু-ফিন্তু একো নাই; ভয় নকৰিবা, মই ডাঠি কৈছোঁ।
নেওগ।— বাৰু, পিচে ইটো কথালৈ সেইয়া এতিয়াই হব জানো?
ৰচিদ।— হব তো। এতিয়াই, হাতে হাতে দিওঁগৈ, আহাঁ। (স্বগতঃ? কিন্তু মোক নো এনে অসময়ত পাটচাহে বদলি দি কিয় মাতি নিয়ে? মোৰ ওপৰত কিবা সন্দেহ হৈছে নে কি? যি হওক, ফিৰুজখাঁই কিন্তু মোৰ দৰে টিপ্-টাপ্ লগাই কাম সাধিব নোৱাৰিব; তথাপি তেওঁকো অলপ ইচাৰা দি যাব লাগিব। সম্ৰাটৰ হুকুম পালিবই লাগিব; কিন্তু মই ইয়াৰপৰা সৰহ দিনলৈ আঁতৰি নাথাকোঁ; কল-পেঁচ লগাই আকৌ সোনকালে ফিৰিমগৈ। (ফুটাই) অ,ফুকন,আহাঁ, দিওঁগৈ। (দুইৰো প্ৰস্থান)
চতুৰ্থ গৰ্ভাঙ্ক।
গড়গাওঁ—ৰজাৰ বৰচৰা।
(চক্ৰধ্বজসিংহ, আতন বুঢ়াগোহাঞি, ভগী বৰপাত্ৰগোহাঞি,
লাঙ্গিচং বৰগোহাঞি, লাচিত বৰুৱা।)
চক্ৰধ্বজ।—ডাঙৰীয়াসকল আৰু বিষয়াবৰ্গ! আজি ডাঙৰীয়া-বিষয়া সকলোটিকে চৰালৈ আহবান কৰাৰ উদ্দেশ্য বোধকৰোঁ বহুতে নাজানাহঁক,— কওঁ শুনা। দিনক-দিনে ৰাজ্যৰ অৱস্থা কি দৰে হীন হৈ পৰিছে সেইটো দেখিছাহঁক। প্ৰজাৰ দুৰ্গতি দেখি আৰু স্থিৰে ৰব নোৱাৰাত পৰিছোঁহি। প্ৰজাৰ ঘৰত খাবলৈ-পিন্ধিবলৈ নাই, আকালে গৰাহ মাৰি ধৰিছে, অনাহাৰে অকালত কিমানৰ প্ৰাণ গৈছে তাৰ ঠিকনা নাই; ইয়াৰ ওপৰত আকৌ