পৰিছে, তাক কোৱা বাহুল্য মাথোন; কিন্তু তাৰ মূলত কি আছে, তাকো ততালিকে খানি চোৱা যুগুত।
ৰজা।—সঁচা, কি কাৰণত ৰাজ্যৰ বৰ্ত্তমান দুৰ্দ্দশা ঘটিছে, প্ৰথমে তাৰ তত্ত্ব বিচাৰ কৰা যুগুত। মোৰ দৃষ্টিৰে হলে সেই তত্ত্ব বিচাৰি বহু দূৰৈলৈ চকু দিবৰ সকাম নেদেখোঁ, সি আগতে ওলাই আছে। ভাবি চাব লাগে, প্ৰজাৰ অৱস্থা হীন হয় কেনেকৈ? আৰ্জনতকৈ অধিক ভগন আৰু শক্তিৰ অতীত খাটনি এই দুয়েই তাৰ প্ৰধান কাৰণ। আমাৰ প্ৰজাৰ ভাগ্যতো আমি ঠিক তাকে ঘটাইছোঁহঁক। আমাৰ পূৰ্ব্ববৰ্ত্তী শাসনত মোগল আক্ৰমণৰ ভয়ঙ্কৰ উৎপাতত বিস্তৰ ধন জন ক্ষয় হোৱাৰ উপৰিও প্ৰজাৰ কৃষি-শিল্প, বেহা- ব্যৱসায় ইত্যাদিত বিষমৰূপে আঘাত পৰে; আৰু ৰজাই ঠাৱৰিব নোৱাৰি ৰাজ্য এৰি ভাগি যোৱাত, শত্ৰুৱে প্ৰজাৰ সম্পত্তিৰ ওপৰত যথেচ্ছাচাৰ কৰিবলৈ বাকী নথলে। তদুপৰি, স্বৰ্গীয় জয়ধ্বজ সিংহ ৰজাদেৱে ৰাজ্যলৈ উলটি আহি যি সন্ধি কৰিলেহি, তাৰ ফলতো ৰাজ-ভঁড়ালৰ বহু অৰ্থ-সম্পত্তি মোগল সেনাপতিয়ে ৰাজ্যৰপৰা বাহিৰ কৰি নিলে। ভাবি চোৱাঁহঁক, আমাৰ বঙহৰ ৰমণী গাভৰুক বলেৰে দিল্লীৰ পাটচাহলৈ সঁপি দিওঁতে, তেওঁৰ যৌতুক স্বৰূপে কুৰি হাজাৰ সোণৰ মোহৰ, চাৰিলাখ-কুৰি-হাজাৰ ৰূপ, ডেৰ কুৰি হাঁতী এই খিনি অৰ্থ-সম্পত্তি ৰাজ্যৰপৰা একেবাৰতে বাজ হয়। আৰু তাৰ লগতে ভৰলী আৰু কলঙ্গৰপৰা পছিম ছোৱা আহোম ৰাজ্য মোগলক এৰি দিয়া হয়। এতিয়া গমি চোৱাহঁক, সেই একেবাৰতে ইমানখিনি ভৰণী সহি ৰাজ্য নপৰি থাকে কেনেকৈ? অকল সেয়ে নহয়, তাৰ উপৰি বছৰি পেচ্কচ্ আৰু চই শোধাই থাকিব লগা হৈছে। তাৰ অৰ্থে প্ৰজাই ৰজাঘৰত ওপৰঞ্চিকৈ খাটিব লগা হৈছে; আৰু প্ৰজা বুজি কৰ-কাটলও বঢ়াই দিব লগাত পৰিছে। এনে স্থলত প্ৰজাৰ অৱস্থা পৰি নাহিব কিয়? সেই হীনাৱস্থাৰ হেঁচাত প্ৰজা একেবাৰে জুৰুলা নহব কিয়? আৰু ৰাজ্যত আকাল নালাগিব কিয়? ইত্যাদি বিবেচনাৰে সৈতে আমি কওঁ যে, প্ৰথমেই প্ৰজাক চুহি থকা পেচ্কচ্ আৰু