তৃতীয় গৰ্ভাঙ্ক।
গুৱাহাটী,—মোগল থানা।
(ৰচিদ্খাঁ আৰু নেওগ ফুকন।)
ৰচিদ্।—তোমাৰ ষড়যন্ত্ৰৰ বলতে গুৱাহাটী আমি হাত কৰিলোঁ সঁচা, কিন্তু আকৌ আমাৰ হাতৰপৰা যাতে নাযায় তাৰ নিমিত্তে সহায় থাকিবা।
নেওগ।— অৱশ্যে, অৱশ্যে থাকিম। কিন্তু, কিয়নো শঙ্কা কৰিলা? কিনো সপোন দেখিলা?
ৰচিদ্।—আশঙ্কাৰ কাৰণ আছে। কিয়, তুমিয়ে সিদিনা কৈছিলা নহয়, বোলে, ৰজাৰ নগৰত আকৌ কিবা অনা-গুণা চলিছে।
নেওগ।—ওঁ, চলিছে তো। কিন্তু, এতিয়াও ভিতৰুৱাকৈ হে।
ৰচিদ্।—যি হওক, আমাক তাৰ স্বৰূপ তত্ত্ব অনাই দিব লাগে নহয়?
নেওগ।— দিব লাগে তো। পিচে, সদায় শুদা মুখেৰেই লাগে নে?
ৰচিদ্।—অ, নহয়। মই ঠিক আছোঁ। হাতে হাতে
নেওগ।—কিন্তু, ই বৰ টান কথা দেও! জীৱন-মৰণৰ কথা!
ৰচিদ।—একো ভয় নাই। কোনে জানিব আমি কি কৈছোঁ।
নেওগ।— অ, নহয়। বাৰ-ছালৰো কাণ আছে। সিবাৰৰ কথা ঘুনুক- ঘানাককৈ ওলায়ছেই; কি হয়গৈ কব পৰা নাই এখোন।
ৰচিদ্।—ভয় নকৰিবাঁ, আমি আছোঁ।
নেওগ।—তোমালোক থাকি কৰিবা কি? ৰজাই দণ্ডিলে ৰাখিব পাৰিবা জানো?
ৰচিদ্।—কিয়! ৰজাই বিচাৰ ললেই তুমি আমাৰ কোঁঠত আশ্ৰয়
লবাঁহি; তেতিয়া আৰু ৰজাই কি কৰিব?