সমললৈ যাওক

পৃষ্ঠা:লাচিত বৰফুকন.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫২
লাচিত বৰফুকন।

 ৰমণী।—বাৰু, চমুকৈয়ে এটি গোৱাঁ।

 আমিনা।—ভাল, গজাল এটিকে গাওঁ, শুনক।

গীত।

(ঝিঝিত খাম্বাজ-ঠুংৰী)।

প্ৰেম কি ধন,
       প্ৰেমিক জনে হে বুজে হাঁয়।
প্ৰণয়ী প্ৰভুক,
যেয়ে যিবা জনাৱে,
        উলটি প্ৰেমকে হে পায়।
আকাশ পাতাল,
কৰে এক তাল,
         ধৰাতে স্বৰগ যেন পায়।
ভজন কীৰ্ত্তন,
প্ৰেমৰে হে গুণ,
       জগতকে প্ৰেম সি বিলায়।

 ৰমণী।—বেচ, বৰ মধুৰ লাগিছিল। সিদিনা যে গাইছিলাঁ-“বাৰ্তা দে সখি, কোন গেলি মে গেঁয় শ্যাম" এই সুৰৰেই নহয় নে?)।

 আমিনা।—হয়, সেই সুৰেই। ভাল, উঠো হে এতিয়া? তছ্লিম

(চেলাম দিয়ে!)

 ৰমনী।—বাৰু, যোৱাঁ আমিনা। যাওঁ, ময়ো অলপ ভিতৰতে ইফাল-সিফাল কৰোঁগৈ।

(দুইৰো দুফালে প্ৰস্থান।)