পৃষ্ঠা:লাচিত বৰফুকন.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫১
লাচিত বৰফুকন।

 ৰমণী।—আছে, থক কৰবাতে; তোমাক সেই ছোৱা নালাগে। তোমাৰ ছোৱাতে ধৰা। কিনো সকাম আজি?

 আমিনা।—সেই একেটা কথাই। আপুনি ভাল নাপায় দেখি কবলৈকে মন নাযায়। যুবৰাজে সুধি পঠিয়াইছে, তেওঁৰে সৈতে নিকালৈ আপুনি ৰাজী হ’ব নে নহয়?

 ৰমণী।—নহওঁ যদি?

 আমিনা।—সেইটোৰ উত্তৰ আমি কেনেকৈ দিম? তেও বুলি, গতিক ভাল নেদেখোঁ।

 ৰমণী;-ভাল নেদেখাঁ, কি কৰিব? বে-ৰাজীতে নিকা পঢ়াব?

 আমিনা।— সেইটো কেনেকৈ হব! তথাপি,-

 ৰমণী।—তথাপি কি?—বলৱন্তী? (বুকুৰপৰা কটাৰী উলিয়াই) আহোম ৰমণীত সেই কথা নৰজে; হয় সিবিধ (আনলৈ হানি দেখুৱায়),নহয় ইবিধ (নিজৰ বুকুলৈ টোৱাই দেখুৱায়)।

 আমিনা।—নহয়, নহয়, আপুনি সিমান উতলা কেলেই হব লাগিছে। আপোনাৰ বেৰাজীত যে একো হব নোৱাৰে সেইটো মই ডাঠি কলোঁ। পিচে, আপোনাৰ নো নিকা নহবই নে?

 ৰমণী।—হবও পাৰে, নহবও পাৰে। বাৰু, সেই কথা আমি আন এদিন পতিম। সদ্যহতে যুবৰাজক কবাগৈ যে, ইয়াত মোৰ মন নবহেমানে কিছুমান দিনলৈ সেই বিষয়ে একো কব নোৱাৰিছোঁ এথোন। (স্বগতঃ) মিথামুখে দিন দীঘলাই নি পলাবৰ ছেগ চাওঁ।

 আমিনা।— সজ কথা। বাৰু, মই সেই দৰেই যুবৰাজক বুজাই কমগৈ।

 ৰমণী।—বেচ, আমিনা, তোমাৰ লগত সেই হে এফেৰি শান্তি পাওঁ। কিয়নো, তুমি কথা বুজাঁ। বাৰু, এতিয়া আমাক গান এটি নুশুনাবাঁ নে?

 আমিনা।—হয়,শুনাব লাগে; পিচে ভেৰি হে হল দেখোন?