পৃষ্ঠা:লাচিত বৰফুকন.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫০
লাচিত বৰফুকন।

 আমিনা।—সঁচা। আপোনাৰ কথা আটাইবোৰ অৰ্থলগা। শুনিবলৈ ভাল লাগে। সেই হে আহোঁ। আপুনি চাগৈ আমনি পায়?

 ৰমণী।—অকল তুমি আহিলে আমনি নাপাওঁ, আমিনা!

 আমিনা।—মই নো কাহানি কাৰ লগত আহিছিলোঁ, মনত নপৰে দেখোন।

 ৰমণী।— নহয়, মানুহ লগ নহয়, কথাৰ লগ।

 আমিনা।—অ, বুজিছোঁ।

 আঘনী।—এৰা, ময়ো বুজিলোঁ।

 আমিনা।—তই আকৌ বুজিলি কি?

 আঘনী।—এ, মোকো তোমাৰ দৰে কথাৰ পাকত পেলাই ঘুৰ্ম্মটি খুৱাইছিল নহয়, এতিয়া, অলপৰ আগতে। পিচে মোক বুজাই দিলে,তেওঁৰ মনটোও হেনো তেওঁৰ লগৰীয়া!

 ৰমণী।—(মিচিকিয়াই) বাৰু, এৰাঁ সেইবোৰ কথা এতিয়া। আমিনাৰ আজি কিবা বিশেষ সকাম আছে নে কি?

 আমিনা।—এৰা, আছেও নাইও।

 আঘনী।--উ-উ, এওঁৱো শিকিলে সেইখন কথা! মোৰ হাঁহি হে উঠিব।

এতিয়া, যাওঁ আই!

(বুঢ়ীৰ প্ৰস্থান)

 আমিনা।—বুঢ়ীটি বৰ ৰঙ্গিয়াল, নহয় নে?

 ৰমণী।—এৰা, তাইতে হে মোৰ এফেৰি শান্তি।

 আমিনা।—আৰু?

 ৰমণী।—আৰু এফেৰি তোমাত।

 আমিনা।—আৰু?

 ৰমণী।—আৰু ইয়াত নাই।

 আমিনা।—ক’ত বা আছে।