পৃষ্ঠা:লাচিত বৰফুকন.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪৯
লাচিত বৰফুকন।

 ৰমণী।—তই নেদেখ।

 আঘনী।—মই নো ইমান চকুৰে নমনা হলোঁ নে? আপোনাকচোন দেখিছোঁ।

 ৰমণী।—মোৰ দেহাটো দেখিছ তো।

 আঘনী।— আৰু নো কি দেখা নাই?

 ৰমণী। — মোৰ মনটো।

 আঘনী।— অ, সেইটো হয়। পিচে, মনটো নো কোনোবাই দেখে নে?

 ৰমণী।— নেদেখে, কিন্তু লগ পায়।

 আঘনী।— লগ নো পায় আকৌ কেনেকৈ?

 ৰমণী।—কিয়, গমি চাচোন, যেতিয়া তোৰ মনটোৱে অলৈ যাওঁ তলৈ যাওঁ কৰে, আৰু আগৰ কথাবোৰ সোৱঁৰাই দিয়ে, তেতিয়া জানো তই মনক লগ নাপাৱ?

 আঘনী।—ওঁ, হওঁতে হয়; এৰা, পাওঁ-পাওঁ যেন লাগি যায় হয়।

(বাহিৰৰপৰা কোনোবাই দুৱাৰ হেঁচোকে)

 ৰমণী।— কোনোবা আহিছে। বাই, যাচোন চাগৈ।

 আঘনী।— কোন্ নো আহেঐ! আহিয়ে থাকে আৰু!

(বুঢ়ীয়ে দুৱাৰ মেলি দিয়ে; আমিনাৰ প্ৰৱেশ)

 ৰমণী।—অ, আমিনা! আহাঁ, বহাঁ। বাই, বহিবলৈ দেচোন।

 আমিনা।--তচলিম (চেলাম দিয়ে )। (বুঢ়ীয়ে আসন পাৰি দিয়ে) ভাল, বহোঁ বাৰু। পিছে, আপোনাৰ তবিয়েট ভাল নে?

 ৰমণী।— এৰা, ভালে-বেয়াই মাজতে।

 আমিনা।— মাজতে নো ৰয় কেনেকৈ আকৌ?

 ৰমণী।—কিয়, টবিয়েট মানে তোমালোকে গা-মন দুইকো বুজোৱা নহয়?

 আমিনা-হয়। পিচে?

 ৰমণী।— পিচে, গা যদি ভালে আছে, মন ভালে নাই; মন যদি ভালে আছে, গা ভালে নাই। সেই দেখি ভালে-বেয়াই মাজতে।