পৃষ্ঠা:লাচিত বৰফুকন.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪৮
লাচিত বৰফুকন।

বিজাতীৰ স্পৰ্শত কলুষিত নহয়; মকৰাৰ জালত সিংহী পৰি অদ্ভুত ঘটনা ঘটালেও, মোগলৰ মায়া-জালত ৰমণী নপৰে, ই ধুৰুপ। যাওক সি কথা,যিজনৰ হন্তে এই প্ৰাণ, সিজনৰ কোলাত বা আগত যেন ই মাৰ যায়; যি দেশৰ ৰক্ত-মাংসেৰে এই দেহা, সেই দেশৰ মঙ্গলৰ অৰ্থে যেন ইয়াৰ ক্ষয় হয়। যি ভূমিৰ সাৰবস্তুৰে সৈতে এই শৰীৰৰ অস্থি-ছৰ্ম্ম, সেই ভূমিত যেন ই লয় পায়;ভগৱন্তৰ চৰণত মোৰ এই কামনা। (মৌন)।

 অহ, সেই পাষণ্ডহঁতৰ নেৰানেপেৰা চোঁচনিত মোৰ জন্মভূমিৰ সাৰ-শক্তি জানো অন্ত হবলৈ ধৰিছে, দেশত প্ৰজাৰ জানো হাহাকাৰ লাগিছে! আমাক বন্ধোৱা দিয়াৰ লগতে পাষণ্ডহঁতে কত ধন, কত সোণ, কত কি সম্পত্তি চুঁচিলে তাৰ অন্ত নাই; তদুপৰি এতিয়া বছৰি অতিপাত নিৰিখে পেচ্কচ্ আৰু চই দি থাকিব লগাত পৰিছে। মোৰ দুখুনী জন্মভূমিয়ে পৰক চহকী কৰিবলৈ বছৰি এই দৰে নো বাঢ়ি-উৎপন কিমান দিব, দুখীয়া অসমীয়া প্ৰজাই নো তাৰ বিষময় ফল আৰু কিমান ভুঞ্জিব, ভাবিলে প্ৰাণ মৰি আহে!জয়ধ্বজসিংহ ৰজাই এই দৰে অসমক মাৰি মৰিব বুলি নাভাবিছিলোঁ! যি হওক,এতিয়া নিৰাশ হবৰ সকাম নাই, ই তাৰ সময়ো নহয়। কি উপায়েৰে জন্মভূমিৰ উদ্ধাৰৰ বাট উলিয়াব পাৰি, এতিয়া তাৰ চিন্তাৰ হে সময়। মোৰপৰা যদি মোৰ স্বদেশ আৰু স্বজাতিৰ এই আপদৰ কালত এফেৰিমানো উপকাৰ হয় তেনেহলেও মোৰ জনম সাৰ্থক মানিম। (মৌন)।

(আঘনী লিগিৰীৰ প্ৰৱেশ )

 আঘনী।-এ, আই, আইদেউচোন অকলে! অকলে অকলেচোন কিবা বোৰ কৈ আছে! মই বোলোঁ কাৰে নো কথা পাতেঐ, চাওঁগৈচোন।

 ৰমণী —অকলে নহয় বাই, লগৰেই আছোঁ।

 আঘনী। —ঔ আই! ক'তাচোন, কোনো নাই?

 ৰমণী। — আছে।

 আঘনী।—ক'ত আছে? (ইফালে-সিফালে জুমি চায় )