পৃষ্ঠা:লাচিত বৰফুকন.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩৭
লাচিত বৰফুকন।

 নচৰৎ।—বাৰু, আপোনাৰ হাতৰপৰা সাৰি যায় যদি, তেতিয়া আমি আক্ৰমণ কৰিলে তো দোষ নাই?

 ৰামসিংহ।—হওঁতে শক্ৰবধত দোষ কি আছে! কিন্তু, মোৰ হাতৰপৰাই সাৰি যাওকচোন,—এইবাৰ আহক।

 নচৰৎ।—বাৰু, তেন্তে মনত থাকিল। সাজু হৈ আহোঁগৈ। (প্ৰস্থান)

 অজিত।—মোৰো মনত থাকিল। ময়ো স্ববেশেৰে আহোঁগৈ। (প্ৰস্থান)

 নেপথ্যত।—জয়, স্বৰ্গদেৱৰ জয়! জয় লাচিত বৰফুকনৰ জয়।

(খোলা তৰোৱালেৰে লাচিতৰ প্ৰৱেশ)।

 লাচিত।—ধৰাঁ অসি, ৰামসিংহ, আজি তোমাৰে সৈতে হেঁপাহ পলুৱাই লাগি চাওঁ? তুমি আহোম স্বৰ্গদেৱক এই কাৰ্য্যলৈ বিচাৰিছিলাঁ; প্ৰথমে তেওঁৰ এই অনুচৰকে চাই লোৱাঁ। হেৰা, বীৰ! মল্লযুদ্ধত আহোমৰ বাহুবলৰ চিনাকি ইয়াৰ আগেয়ে তোমাক দিয়া নাই, তালৈ সময় হোৱা নাছিল বুলি; এতিয়া মোৰ উদ্দেশ্য সিদ্ধি হল, সেই সময়ো হৈছে। ধৰাঁ অসি, আহোম বীৰৰ প্ৰত্যক্ষ চিনাকি দিওঁ।

 ৰামসিংহ!—চলোৱাঁ অসি, লাচিত, এই তোমাৰ অন্ত-কাল!

(লাচিত আৰু ৰামসিংহৰ মাজত অসিযুদ্ধ; নচৰতৰ হঠাৎ প্ৰৱেশ)

 নচৰৎ।—কি চাব লাগিছে,—এই একে ঘাপে বধিলোঁ লাচিত!

(নচৰতে পিচৰপৰা লাচিতক ঘাপ মাৰিবলৈ উদ্যত, এনেতে বিজুলী সঞ্চাৰে অজিতে প্ৰৱেশ কৰি, সৈনিক পোছাক ছিঁৰি দলিয়াই পেলাই, “ৰমণী গাভৰু”ৰ স্বৰূপ সাজেৰে আক্ৰমণৰ মাজত সোমায়হি।)।

 অজিত।— কি কৰাঁ! কি কৰাঁ নচৰৎ!

 নচৰৎ।— (চমক্ খাই) ইকি! —অজিত!—অজিত কি ৰমণী!!

 ৰমণী।—আন ৰমণী নহয়—“ৰমণী গাভৰু"। নচৰৎ! আগেয়ে ৰমনীক নবধিলে মোৰ মানস স্বামী লাচিতক বধিব নোৱাৰাঁ। চাই লোৱাঁ,স্বৰূপ মোৰ!