পৃষ্ঠা:লাচিত বৰফুকন.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩৬
লাচিত বৰফুকন।

 ৰামসিংহ।—অৱশ্যে, তোমালোকে যত্নৰ ক্ৰটী কৰা নাই; কিন্তু অসমীয়া সৈন্য ইমান কাজুৱা বুলি মোৰ ইতিপূৰ্বে্ব ধাৰণা নাছিল। এতিয়া দেখিছোঁ, একেবিধ অসমীয়া সৈন্যই নাবিক, পদাতিক আৰু অশ্বাৰোহী সৈন্যৰ কাম কৰিব পাৰে; সেই একেবিধেই তীৰ, বন্দুক আৰু বৰতোপ মাৰিব পাৰে; গড় বান্ধিব পাৰে; মাল যুঁজিব পাৰে;—বিশেষকৈ চোৰাংচোৱা কাৰ্য্যত.. অসমীয়া সৈনিক ভাৰতৰ ভিতৰত অতুলনীয়। মুঠৰ ওপৰত কবলৈ গলে, সিহঁত ৰণ-সংক্ৰান্ত সকলো কামতে পৈণত। এনে অদ্ভুত, অথচ বিচক্ষণীয়া সৈন্যবল এক আহোম ৰজাত বাজে ভাৰতবৰ্ষৰ আন কোনো ৰাজক্ষমতাৰ আছে বুলি মই নাজানোঁ। সেই হে আহোম ৰাজক্ষমতাৰ অসম পৰাক্ৰম! তথাপি, এখন ৰণতো আমি নাম কৰিব নোৱাৰাৰ বাবে আপোনা আপুনি খেদ কৰিব লগীয়া হৈছে। ইফালে ৰণৰো সামৰণি পৰিব লগীয়া হলহি।

 অজিত।—হজুৰ! ৰণৰ সামৰণি পৰিবৰ হৈছে নে?

 ৰামসিংহ।—ওঁ, সামৰণিৰ ওচৰ চাপিছেহি। এই খনেই শেহ ৰণ হব। ইয়াতে মোৰ বল—বীৰ্য্য়, ৰণ-কৌশল, ৰণ-বল যি বাকী ৰৈছে চুড়ান্তকৈ খটাম। এই ৰণতে হয় লাচিত, নহয় ৰামসিংহৰ পতন নিশ্চয়।

 অজিত।— ইয়াৰ পাচত আৰু ৰণ দিয়া নহব নে?

 ৰামসিংহ।—এই যাত্ৰাত আৰু নহয়।

 অজিত।—ওঁ, বুজিলোঁ; ইয়াতে সকলো শেষ হব লাগে।

 নচৰৎ।—এইবাৰ বোলে হতীয়াহতি যুদ্ধ হব? হয় নে?

 ৰামসিংহ।—হয়, আমাৰ সেই প্ৰস্তাৱ শত্ৰুপক্ষে গ্ৰহণ কৰিছে।

 নচৰৎ।—তেন্তে লাচিতৰ শিৰলৈ মোৰ নজৰ থাকিল।

 ৰামসিংহ।—লাচিত হেন বীৰৰে সৈতে হতীয়াহতি তোমালোকৰ লগত হোৱাটো শোভনীয় নহব। লাচিত যদি তোমাৰ হাতত পৰিব লাগে, তেন্তে

মোলৈ আৰু কোন্ থাকিব!