আজি হে ৰমণীৰ বিয়া!—(নচৰতৰে সৈতে অসি-যুদ্ধত ৰমণী গাভৰুৰ পতন, নচৰতৰ তুৰন্তে প্ৰস্থান, লাচিত আৰু ৰামসিংহ তধা!)
ৰমণী।—প-ৰ-ভু, দয়া-ম-য়, পু-ৰা-লাঁ কা-ম-না! সা-ৰ্ থক্- জীৱন! জনম ভূ-মিৰ উদ্-ধা-ৰ দে-খি-লোঁ। য'-ৰ দে-হা ত’-ত সঁ-পি-লোঁহি। যা-ক ভা-ব-ত, তা-ক আ-গ-ত পা-লোঁ-হি। ম-নো-ৰথ পূ-ৰ-ণ হ-ল মোৰ। (মৃত্যু)
ৰামসিংহ।—অহঃ! অজিত মোৰ!তুমি তো সাধাৰণ অজিত নাছিলাঁ! তুমি ৰমণী গাভৰু! সেই হে ৰমণী গাভৰুৰ উন্নত ভাবেৰে মোক মুহিব পাৰিছিলাঁ তুমি; এক্ষন্তেকলৈকো কৰ্ত্তব্যবিমুখ নহৈ তুমি ক্ষত্ৰিয়ক শিক্ষা দিব পাৰিছিলাঁ। আহোম “ৰমণী” সামান্যা ৰমণী নহয়। তোমাৰ বীৰাঙ্গনা চৰিত্ৰৰ বলে শত ক্ষত্ৰিয়ৰ তেজ পানী কৰিব, ভাৰত ৰমণীক সতীত্বৰ জ্ঞান দিব।- আহোম বীৰ লাচিত! তোমাৰ বীৰত্ব, তোমাৰ ৰণ-পাণ্ডিত্য, তোমাৰ ৰাজভক্তি, তোমাৰ জাতীয়তা, তোমাৰ স্বদেশ-প্ৰেম পৃথিবীৰ আদৰ্শ। ক্ষত্ৰিয় ৰীতি অনুসৰি, মই আজি প্ৰকাশ্যে তোমাৰ ওচৰত পৰাজয় স্বীকাৰ কৰি স্বদেশলৈ উলটিলোঁ; তোমাৰ দেশ তুমি উদ্ধাৰ কৰিলাঁ। যি দেশত ৰমণী গাভৰু হেন বীৰকন্যা আৰু লাচিত বৰফুকন হেন বীৰপুত্ৰৰ জন্ম,সেই দেশত অন্যৰ অধিকাৰ নাই!
(গহীন খোজেৰে প্ৰস্থান)
লাচিত।--অহঃ! কি অলৌকিক বিয়া! পৃথিবীত এনে বিয়া দেখুৱাবলৈকে ৰমণী গাভৰুৱে অসমত জন্ম লৈছিল। ধন্য তুমি গাভৰু! ধন্য তোমাৰ প্ৰতিজ্ঞা! ধন্য তোমাৰ স্বদেশপ্ৰেম! ধন্য, ধন্য তোমাৰ গুপ্তপ্ৰেম! প্ৰাণ দি ৰাখিলা এই প্ৰাণ; কিবা পালা প্ৰতিদান? নাই, নাই তাৰ যোগ্য প্ৰতিদান নাই এই সামৰিক কৰ্মজীৱনত। যি বিয়া পাতিলাঁ আজি মানসত মোৰে, অচিৰে পাতিম সি বিয়া সিপুৰীত তোমাৰে। মিলিব তাৰ শুভছেগ অনতিপলমে। দৈহিক ৰণত প্ৰকাশ্যে জয়ী হৈ বিজয়ী নাম লাভ কৰিলোঁ; আধ্যাত্মিক ৰণৰ ক্ষণ গণিম সংগোপনে এই ৰণ-সামৰণিত। (নেপথ্যলৈ চাই) কোন আছাঁ?--(পানীফুকন আৰু গন্ধৰ্ব্বৰ প্ৰৱেশ) লোৱাঁ, এই পৱিত্ৰ শৱ গভীৰ সম্মানেৰে আমাৰ শিবিৰলৈ লৈ যোৱাঁ; ইয়াৰ সুযোগ্য সৎকাৰ হব লাগিব।