সৈনিক।—হয় নে বেইমান, নিমখহাৰাম! তই আগেয়েও কেইবাবাৰো হেনো মোগলৰ নিমখ খাই নিমখহাৰামী কৰি থৈছ। বেটা, তোক হে মজা দিব লাগে (মাধৱক ধৰি পেলাই লৈ গুৰুলাগুৰুলকৈ কিলায়)।
নৰ্তম।—(হেঁপাহ গুচাই মাধৱক কিলচাৰেক মাৰি), ধৰাঁ দোষ, কটাবন্দী এই ঠগ্বাজক বিষয়াৰ আগত দিওঁগৈ নি)। (দুয়ো দুই বাউসিত পৰি মাধবক চোঁচোৰাই উলিয়াই নিয়ে)।
মাধৱ।—হেৰ ই, নিনিবিহঁত ঐ! নবধিবিহঁতঔ! এতিয়া হে মৰিলোঁঔ।
(প্ৰস্থান)
⸻
চতুৰ্থ গৰ্ভাঙ্ক।







হাদিৰা,—ৰণ-কেন্দ্ৰ।
(ৰামসিংহ, নচৰৎখাঁ আৰু অজিত)
নচৰৎ।—চৰিপ্খাঁৰ পতনৰ লগতে আমাৰ নৌসেনাৰ একেবাৰে বল মৰিল; এতিয়া আৰু আমাৰ ৰণতৰী যিবোৰ বাকী ৰৈছে, সেইবোৰ মোৰ বোধৰে ফেৰত পঠোৱা হে যুগুত।
ৰামসিংহ।—ৰণতৰী আটাইবোৰ গৈ মানাহাত ৰবলৈ আদেশ দিয়া হৈছে। সম্প্ৰতিকলৈ জল-যুদ্ধৰ আয়োজন আৱশ্য়ক নকৰে। কিন্তু, শৰাইঘাটৰ যুদ্ধৰ পাচত লগা স্থলযুদ্ধ কেখনতো যে আজিলৈকে আমি কে ঘাটিব লাগিছোঁ, ই হে দুখৰ বিষয়! তোমালোকক আৰু কি কম, এই বাবে মই বৰ অপমান পাইছোঁ। এতিয়া কোন্ মুখেৰে যে দিল্লীলৈ উলটিম তাকে হে ভাবিছোঁ।
নচৰৎ।— আমি নো বাৰু কি কৰিম? আমি তো কৰ্ত্তব্য়ত ক্ৰটী কৰা
নাই। আপুনি স্ব-চকুৰে দেখিয়েই আছে।