পৃষ্ঠা:যৌন-তত্ত্ব.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অধ্যায়

বিবাহ, সহবাস আৰু ন-ঘৈণী

 আমাৰ দেশত বিয়া নকৰোৱা মানুহৰ সংখ্যা নিচেই কম। বাপেক-মাকৰ প্ৰধান কাৰ্য্য ল’ৰা-ছোৱালীৰ বিয়া দিয়া। অতি সাধাৰণ আৰু হীন অৱস্থাৰ মানুহেও ধাৰ-ঋণ কৰি বিয়া কৰোৱা উচিত বুলি ভাবে। কিন্তু স্ত্ৰী-পুৰুষৰ আচল কৰ্ত্তব্য পত্নীৰ নাম কিনাতকৈ ধৰ্ম্মে কৰ্ম্মে স্বামীক সহায় কৰি ধৰ্ম্মপত্নী হব পৰা কিমান সৌভাগ্যৰ কথা তাক গমি নাচায়।

 সাধাৰণতঃ ছোৱালী শান্তি হোৱাৰ অলপ পিচতেই স্বামীগৃহ পায়হি আৰু পোৱাৰেপৰা সহবাস আবম্ভ হয়। স্বামীগৃহ পাওঁতে প্ৰায়ে ছোৱালীৰ বয়স ১৪।১৫ বছৰৰ বেছি নহয়। কোনো কোনো দেশত শান্তি নোহোৱা ছোৱালীকো স্বামীৰ শয্যাভাগিনী কৰা শুনা যায়। ইযে বিশেষ অযুগুত কথা ইয়াক বহলাই নকলেও হয়, কিন্তু সেই বিষয়ে দুষাৰ নকলেও নহয় বুলি কলোঁ। শান্তি নোহোৱাকৈ ছোৱালীক গাভৰু বুলিব নোৱাৰি আৰু সেই বয়সত কোনোমতেই সহবাসবিধি দিব নোৱাৰি। পশু-পক্ষী আদি জন্তুৱেও উপযুক্ত বয়স নহলে অপ্ৰাপ্ত বয়স্কাৰ লগত সঙ্গম নকৰে। ঘ্ৰাণ, স্পৰ্শাদিৰ দ্বাৰাই উপযুক্ত হোৱা চিন পালেহে সঙ্গম কৰে। পশু-পক্ষীৰ ভিতৰত অপ্ৰাপ্ত বয়স্কাৰ ওপৰত বলপ্ৰয়োগ কৰা দেখা নাযায়। কিন্তু জীৱ-শ্ৰেষ্ঠ জ্ঞানী মানুহৰ বিৰুদ্ধে সেই অভিযোগ শুনা নাযায় বুলি কব নোৱাৰি। প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে অবৈধ আচৰণত পশুতকৈয়ো মানুহেই বেছি অপৰাধী।

 শান্তি নোহোৱালৈকে স্ত্ৰী অঙ্গৰ পূৰ্ণতা নহয়; তেতিয়া দ্বাৰ পাতল আবৰণেৰে ৰুদ্ধ থাকে। উপযুক্ত বয়সত পুষ্পিতা হলে সৰ্ব্বাঙ্গৰ পূৰ্ণতাৰ লগে লগে দ্বাৰ প্ৰশস্ত হয়। সহযোগত আববণৰ ভেদ সহজ হয়, আৰু ক্ষতাদি হোৱাৰ সম্ভাৱনা নাথাকে। নাবালিকা অৱস্থাত স্বামীৰ সঙ্গ পালে আৰু নিশঙ্ক মনে মিলিব পাৰিলে সংযম আৰু বাধা অতিক্ৰম কৰাৰ আশঙ্কা বাঢ়ি যায়। উত্তেজনাত দুৰ্ঘটনাৰ সম্ভাৱনাও সৰহ হয়। শান্তি হলেও অলপ বয়সৰ ছোৱালী-ঘৈণীৰ সঙ্কোচ হোৱাই স্বাভা-

ৱিক। স্বামী সোহাগত আন্তৰিক ইচ্ছা সত্বেও ------ হেচি ধৰি ভাব প্ৰকাশত বা প্ৰতিদানত অক্ষমা কৰি তোলে। তেনে অৱস্থাত প্ৰীতিপূৰ্ণ প্ৰেমালিপ্সাতো কিঞ্চিৎ ------ কৰিবয়ে লাগিব। তাকে সাৱধানে ----------- কৰাই নচলিলে স্ত্ৰীপক্ষে ক্ষতাদিৰ অনিষ্টৰ আশঙ্কা ----- কিবা অনিষ্ট বটিলেও প্ৰকাশ নোপোৱাত প্ৰায়ে তেতিয়াই ---- নপৰে। শেষত কিন্তু সেয়েই মহা অশান্তিৰ কাৰণ হয় ইত্যাদি কাৰণেই শান্তি হলেও কিছুদিন পিছতহে স্বামী সঙ্গৰ সন্মতি দিয়া উচিত। মুঠতে ১৪।১৫ বছৰৰ আগতে ছোৱালীৰ বিয়া দিয়া নিতান্ত অবিধি বুলি ডাঠি কব পাৰি। আসামত ---- জনে শান্তি হোৱাৰ আগতে বিয়া প্ৰায়ে নিদিয়ে; ব্ৰাহ্মণৰ ছোৱালী বিয়াৰ পিছত শান্তি নোহোৱালৈকে স্বামী সন্দৰ্শন নিষেধ। ইও মন্দৰ ভাল; কাৰণ আন আন দেশত এই বিবাহ বিধিৰ বিশেষ ব্যভিচাৰ দেখা যায়। শিক্ষিত ডেকা ল’ৰাই অকুমাৰী ছোৱালী বিয়া নকৰাও বদলি দৃঢ়প্ৰতিজ্ঞ হোৱা উচিত। ভৰিৰ কাপোৰ অলপ আঁতৰি গলেই যি লাজতে ৰঙা পৰে, গাৰ কাপোৰ অলপ আঁতৰি গলে যি আত্মীয় স্বজনৰ আগতো লাজতে অধোমুখী হয়, এনেকুৱা যৌৱন-প্ৰভাৱ শূন্যা ছোৱালী-ঘৈণীৰ লগত বিশেষ সংযত হৈ চলিব লাগিব। কাম-কলা কুশলা প্ৰৌঢ় স্ত্ৰীয়েও স্বইচ্ছায় সহযোগ সহজ কৰি নিদিলে সহবাসৰ আনন্দ নাপায় আৰু সেই সহজ সহযোগৰ অভাৱত স্ত্ৰী-অঙ্গৰ আৰু কুক্ষিৰো অনিষ্ট ঘটে; এই কথা বন্ধু-বান্ধবী আৰু ডাক্তাৰৰ পৰাও শুনা গৈছে৷ এইবিলাক সৰু-সুৰা কাৰণেই বিষম ব্যাধিৰ সঞ্চাৰ হৈ জীৱন বিষময় হয়। শান্তি হোৱাৰ দুবছৰমান পিছতহে স্বামী সহবাস হবলৈ দিয়া উচিত। চিঠি-পত্ৰ লেখি আৰু সুবিধামতে এখন্তেক দেখা কৰি চিনা পৰিচয় হলে লাজো ভাগে আৰু বন্ধুভাৱে সঙ্কোচো আঁতৰায়। উপযুক্ত সময়ত স্বামী দৰ্শন পালে আগ্ৰহেৰে নিঃসঙ্কোচে আত্মসমৰ্পণ কৰা সহজ হয়—প্ৰণয় মধুময় হয়। প্ৰথম দৰ্শনতেই আত্মসমৰ্পণ