পৃষ্ঠা:যৌন-তত্ত্ব.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
তৰুণৰাম ফুকন ৰচনাৱলী

মাত্ৰ সাৰ হয় আৰু ফলত সহবাসত বিৰাগ জন্মে, নহলে অবৈধ উপায়ে তুষ্টি সাধন কৰে। তেনে অৱস্থাত স্ত্ৰী প্ৰায়ে বধ্যা হয় আৰু কেনেৱাকৈ ক্ষীণ বীৰ্য্য গৰ্ভস্থ হলেও হীনাঙ্গ ক্ষীণাঙ্গ ৰুগীয়া ল’ৰা-ছোৱালী হৈ বাপেক-মাকৰ জীৱন বিষময় কৰি তোলে। আন সকলো কথা বাদ দিও বিবাহিত জীৱনৰ অতুল আৰু, অশেষ আনন্দ উপভোগ কৰিব খুজিলেও বিয়া নোহোৱা পৰ্য্যন্ত ব্ৰহ্মচৰ্য্য পালন কবিবয়ে লাগিব।

 এই প্ৰসঙ্গতে মহাকবি কালিদাসৰ “শৃঙ্গাৰ তিলকম্” কিতাপৰপৰা দুটি শ্লোক উদ্ধৃত কৰি দিলোঃ

কস্তুৰী বৰপত্ৰভঙ্গনিকৰো
 ভ্ৰষ্টো ন গণ্ডস্থলে,
নো লোপ্তং সখি চন্দনং স্তনতটে
 ধৌতং ন নেত্ৰাঞ্জনম।
বাগো ন সঙ্খলিতস্তবাধৰ পুটৈ
 তাম্বুল সংবৰ্দ্ধিতঃ
কিং বুষ্টাসি গজেন্দ্ৰ গমনে
 কিংবা শিশুস্তে পাতঃ॥

 স্বামী গৃহৰপৰা ওলাই অহা ন ঘৈণীক লগ পাই সখীয়েকে তেওঁক শুধিলে, “সখি! তোমাৰ স্বামীৰ বৰ্দ্ধনৰ কাৰণে গণ্ডস্থলত যি কস্তুৰী লেপন কৰিছিলা সিয়ো দেখোন মাৰ যোৱা নাই। স্তনমণ্ডলত যি চন্দন ঘহিছিলা সিয়ো দেখোন লুপ্ত হোৱা নাই, চকুৰ অঞ্জনো ধুই-মছি যোৱা নাই; তোমাৰ মুখৰ তাম্বুলবাগ যেনে তেনেই আছে; হে গজেন্দ্ৰ গমনে! তেন্তে কোৱাচোন প্ৰিয়তমে, তুমি অভিমান কৰিছিলা নেকি? নহলে তোমাৰ প্ৰেমাস্পদ নিশ্চয়ই কাম-কলা অনভিজ্ঞ অঞ্জলা ল’ৰা মানুহ।”

সখীৰ উত্তৰত তেওঁ কলে,

“নো ৰুষ্টা ৰতিমন্দিৰে প্ৰিয়তমে,
 বালো ন মে বল্লভঃ।”

 অৰ্থাৎ “হে প্ৰিয়তমে, ৰতি মন্দিৰত মোৰ প্ৰাণবল্লভৰ ওপৰত অভিমানো কৰা নাই আৰু তেওঁ অজলা ল’ৰাও নহয়।”

“মাং দৃষ্টা নব যৌৱনাং সচকিতাং
 কন্দৰ্পদৰ্পাপহাং
মুত্তো দৈত্য গুবুঃ প্ৰিয়েন সহসা
 নঙ্গপ্ৰসঙ্গঃ কুতঃ॥”

 “কিন্তু মোৰ প্ৰাণবল্লভে সচকিতা নৱযৌবনসম্পন্না, কন্দৰ্পৰো দৰ্প অপহৰণসক্ষমা মোক দেখিয়েই তেওঁৰ দৈত্য গুৰু (শুক্ৰ) মুত্ত হল। গতিকেই প্ৰণয় ৰণৰঙ্গৰ প্ৰসাদ যেনে তেনেই ৰ’ল।

 অপৰিণামদৰ্শী ইন্দ্ৰিয়পৰায়ণ বহুতো ডেকাৰ এই দুৰৱস্থা হোৱা শুনা যায়। তেওঁলোকৰ প্ৰতি কালিদাসৰ উপদেশ বচন দুফাঁকি তুলি দিলোঃ

“অল্পস্যহেতোৰ্বহু হাতুমিচ্ছন
বিচাৰ মূঢ়ঃ প্ৰতিভাসি মে ত্বম্॥”

 “অলপৰ কাৰণে বহু হেৰুৱা দেখি বিচাৰ মূঢ় বুলি মনে ধৰে। ক্ষণিক চৰ্ম্ম ঘৰ্ষণ সুখৰ কাৰণে স্ত্ৰী সহবাসৰ অক্ষয় আনন্দৰপৰা বঞ্চিত হোৱা মূঢ়বেই কাৰ্য্য।” শেষত ডাক্তৰ-কবিৰাজ হাকিমেও উদ্ধাব কৰিব নোৱাৰিব। সেই দেখিয়েই শাস্ত্ৰকাৰে কৈছেঃ

“যাবৎ স্বস্থমিদং শৰীৰমথিলম্,
 যাবজ্বৰা দুৰতো।
যাবচ্চেন্দ্ৰিয় শক্তিৰ প্ৰতিহতা,
 যাবৎ ক্ষয়ো নায়ুসঃ।
আত্ম শ্ৰেয়সি তাবদেৰ বিদূষা
 কাৰ্য্য প্ৰযত্নো মহান্।
উদ্দীপ্তে ভবনে চ কুপথননে
 প্ৰত্যুদ্যমঃ কীদশঃ॥

 যেতিয়ালৈকে আয়ু ক্ষয় নহয় তেতিয়ালৈকে বুদ্ধিমান লোকে শৰীৰ আৰু মনৰ কল্যাণ সাধনত বিশেষ যত্নৱান হয়। কাৰণ, জুই লাগিলে নাদ খনাব চেষ্টা কৰা মিছা। ভাল পুথি পঢ়া, সৎসঙ্গ লোৱা, খেলা, ব্যায়াম, মৃগয়া আদিৰ দ্বাৰাই শৰীৰ সুস্থ আৰু সবল কৰিবৰ চেষ্টা কৰাই এইবিলাক কুসঙ্গ আৰু কু-অভ্যাসৰপৰা ৰক্ষা পোৱাৰ হেতু। এইবিলাকলৈ লৰাৰ যাতে ধাউতি হয় সেই বিষয়ে স্কুলত কৰ্তৃপক্ষই আৰু পিতৃ-মাতৃয়ে বিশেষ যত্ন কৰা উচিত। পিতৃ-মাতৃৰ আৰু ভাই-ভনীৰ সঙ্গতো যাতে আনন্দ পায় এনেদবে চলিবলৈ শিকোৱা উচিত। স্কুলত দিয়েই কৰ্ত্তব্যৰ ওৰ পৰিল এনে ভবা অযুগুত হব।