পৃষ্ঠা:যৌন-তত্ত্ব.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬
তৰুণৰাম ফুকন ৰচনাৱলী

নকৰা কাৰণে বহুতো স্বামীৰ ক্ষোভ হোৱা শুনা যায় আৰু দুদিনমান সেই সঙ্কোচ থাকিলে স্ত্ৰী-সঙ্গত আগ্ৰহশূন্য হয়। অন্তৰত আত্মসমৰ্পণৰ একান্ত ইচ্ছা থাকিলেও লাজে হেচি ধৰি কৃত্ৰিম আত্মৰক্ষাৰ চেষ্টা কৰাত তাকেই উপেক্ষা বুলি ধৰি লৈ ক্ষোভ কৰা অন্যায় হব। এই ক্ষণিক আৰু অলিক আত্মৰক্ষাৰ প্ৰচেষ্টা কামকলাৰ অঙ্গীভূত।

“প্ৰেমালাপৈপ্ৰিয় বিতৰণৈঃ প্ৰীণিতা
 লিঙ্গনাদ্যৈঃ
মন্দা ক্লান্তা তদনু নিয়তম
 বস্যতামেতিবালাঃ।”

 অৰ্থাৎ, “প্ৰেমালাপ, প্ৰিয়বস্তু দান, প্ৰণয়পূৰ্ণ আলিঙ্গনৰ দ্বাৰায় বুকুত সাৱটি লৈ বালিকাশক বশ কৰিব লাগিব।


পঞ্চম অধ্যায়

ডেকা-ঘৈণী

 এই গ’ল ছোৱালী-ঘৈণীৰ কথা। এই প্ৰসঙ্গতে ডেকা-ঘৈণীৰ বিষয়েও দুষাৰ নকৈ নোৱাৰিলো।

 স্বামীক দেৱতা বুলি ভবা স্ত্ৰী হিন্দু সমাজত আজিও পোৱা যায়। কিন্তু পাৰিবাৰিক কল্যাণৰ অৰ্থে স্বামীৰ উপদেশমতে চলা আৰু স্বামীৰ সন্তোষৰ অৰ্থে তেওঁৰ মন যোগাই চলা ছোৱালী গাভৰু, আদহীয়া বা বুঢ়ী-ঘৈণীৰ সংখ্যা তিমান নোলাব। স্বামীক ভক্তি কৰিব লাগে, স্বামীৰ আগত সম্ভ্ৰমে চলিব লাগে, এই কথা ছোৱালী-ঘৈণীক মাক-বাপেকে, আত্মীয়-স্বজনে বুজাই কয়। কিন্তু প্ৰণয়প্ৰসঙ্গত নিঃসঙ্কোচে যোগ দি স্বামীৰ ইচ্ছা অনুসৰি তেওঁৰ সন্তোষ বিধান কৰা পত্নীৰ প্ৰধান কৰ্ত্তব্য বুলি বুজাই কোৱা নিলাজ কথা বুলি সাধাৰণতঃ ভাবে। ছোৱালী-ঘৈণীৰ লাজ একেবাৰেই ভাঙিলে স্বামী যে গুৰু এই কথা পাহৰিব, এই আশঙ্কাতেই সেই কথা নুলিয়ায়েই। অতিৰিক্ত বিষয় আলোচনাৰ খৰিয়াল কৰি স্বামীক বেজাৰ নকৰা বুঢ়ী-ঘৈণীৰ সংখ্যাও কম ওলাব। স্বামীৰ পূজাত তুষ্ট ডেকা-ঘৈণীৰ লাস-বিলাসৰ অন্ত নাই, কিন্তু সেই লাস-বিলাস স্বামীৰ মন হৰণৰ কাৰণে কমেই কৰে। পিন্ধি-উৰি ওলালেই জানিব লাগিব বিয়া কি সভালৈ যাব ওলাইছে। যাওঁতে চকামকাকৈ দেখিলেও দেখিব পাৰে; কিন্তু আহি পালেই সাজ-পাৰ এৰাই নিয়ম। শোৱা ঘৰত বাজে ডেকা ঘৈণীৰ লগত অকলশৰে দেখা-শুনা কৰা, কথা-বাৰ্ত্তা পতা সাধাৰণ গৃহস্থৰ ঘৰত নাই বুলিলেই হয়। বহু পৰিয়াল থকা ঘৰত শোৱা ঘৰৰ দুৱাৰ-ঘৰ মাৰি নোসোমো-

ৱাকৈ ঘৈণীৰ লগত ৰং-ধেমালিকৈ কথা-বাৰ্ত্তা পতাৰ সুযোগ প্ৰায় গৃহস্থৰে নাই; অথচ দিনৰ ভাগত দুৱাৰ মাৰি শোৱা ঘৰত দুয়ো থকা অশোভন বুলি ভাবে। শ‍ুই উঠাৰেপৰা দুপৰীয়া খাবৰ সময়লৈকে ঘৈণী বন্ধা-বঢ়া আদি গৃহকাৰ্য্যতেই থাকে; স্বামীও নিজ কাৰ্য্যত ব্যস্ত থাকে; খাবৰ সময়ত লৰালৰিকৈ দুগৰাহ মুখত দি অফিচ, কাচাৰিলৈ যাব পাৰিলেই ৰক্ষা পৰে। খোৱাৰ সময়ত ডেকা-ঘৈণী স্বামীৰ আগত থকা নিয়ম নহয়। কামৰপৰা আহি জা-জলপান অলপ খায়েই ফুৰিবলৈ যোৱা হয়। ফুৰি আহি হয় নিজ ঘৰত নহয় পৰৰ ঘৰত মেলপতা বা খেল খেলোৱাকে সাধাৰণতঃ দেখা যায়। অন্ বৰিবলৈ যাবৰ হ’ল সংবাদ পালেহে উঠিবৰ হয়, কেতিয়াবা আকৌ বান্ধি-বাঢ়ি ৰৈ থাকিলেও আহিবৰেই নহয়। ঘৈণীয়ে সকলোকে দি থৈ নিজে খাই আহোতে পলম হয়। সকলো শেষ কৰি শোৱাঘৰ সোমাই মানে দুখে-ভাগৰে টোপনিয়ে হেঁচি ধৰে, এনে অৱস্থাত প্ৰেমালাপ বা প্ৰণয় প্ৰসঙ্গৰ দীৰ্ঘাভিনয় কৰাৰ আগ্ৰহ নাথাকে; কোনো প্ৰকাৰে কাৰ্য্য সমাধা হলেই ৰক্ষা পৰে। গতিকেই স্বামীৰ সঙ্গ বিশেষকৈ পোৱাই নহয়। ভাত খোৱাৰ পিছতে সহবাস নিতান্ত অবিধি। উপস্থাপিত সহবাস বিধিত শৰীৰৰ ভাৰ সৰহ পৰিমাণে সহধৰ্ম্মীণীৰ গাত পৰে; খোৱাৰ পিছতে সেই ভাৰ পৰিলে দুয়োপক্ষে অনিষ্টৰ আশঙ্কা হয় আৰু তৃপ্তিও নহয়। নিজ নিজ সুবিধামতে সহবাসৰ এখন্তেক সময় উলিয়াব লাগিব, কিন্তু খোৱাৰ পিছতেই সহবাস বৰ্জ্জনৰ দৃঢ় সঙ্কল্প