পৃষ্ঠা:যৌন-তত্ত্ব.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় অধ্যায়

স্ত্ৰী-সঙ্গ লিপ্সা

 স্ত্ৰী-সঙ্গ লিপ্সা যৌৱনৰ আৰু পুৰুষত্বৰ চিন। উপযুক্ত সময় নহয় মানে সেই ইচ্ছা দমন কৰি চলিব লাগিব। ই এটা পৰম সাধনা আৰু ইয়াৰেই নাম ব্ৰহ্মচৰ্য্য। ইচ্ছা মাত্ৰেই বিন্দুপাত নকৰি যত্নেৰে, সংযমেৰে সঞ্চয় কৰিব লাগিব। শাস্ত্ৰতো কৈছে, “মৰণং বিন্দুপাতেন, জীৱনং বিন্দু ধাৰণাৎ” অৰ্থাৎ বিন্দুপাতেই মৰণ আৰু বিন্দু ধাৰণেই জীৱন।

 স্ত্ৰী-সঙ্গ লিপ্সাৰ দ্বিতীয় অধ্যায় হৈছে সহযোগ। কলেজত পঢ়া অৱস্থাত স্ত্ৰী-সঙ্গ পালেও সহবাসত সুবিধা প্ৰায়েই নাপায়, ডেকা ল’ৰা ঘৰত থাকিলে গাভৰু চাকৰণী ৰখা অবিধি। আহোতে যাওঁতে, ইচ্ছায় বা অনিচ্ছায় কৰা লয়লাস চাই ডেকাৰ মন চঞ্চল হোৱা স্বাভাৱিক আৰু সুবিধা পালে প্ৰেমাভিনয় কৰাও নিতান্ত সম্ভৱ। ঘৰুৱা প্ৰলোভনৰপৰা মাক-বাপেকৰ তীক্ষ্ণ দৃষ্টিয়ে ৰক্ষা কৰিলে নিতান্ত কু-সঙ্গত নপৰিলে অলপ বয়সৰ ল’ৰায় ব্যৱসায়ী তিৰোতাৰ লগত সঙ্গতি কৰিবলৈ সাহ নাপায়। তিৰোতা নাপাই স্কুল-কলেজত পঢ়া কোনো কোনো ল’ৰাই পুংমৈথুন কৰা বহুতো শুনা যায়। তাৰ পৰিণাম যে কি ভয়াবহ তাক জানিলে আৰু উপলব্ধি কৰিলে তেনে কাৰ্য্য সহজে নকৰিলেহেতেন ডাঙৰ লৰাৰ লগত দেখিবলৈ ধুনীয়া সৰু ল’ৰাৰ বন্ধুত্ব দেখিলে বাপেক-মাক আৰু স্কুলৰ কৰ্তৃপক্ষয় সাৱধান কৰি দিয়া উচিত হব। বিয়া কৰোৱা, ল’ৰা-ছোৱালী হোৱা পুৰুষেও সেই দোষত দোষী হোৱা যায়, আৰু আদালতত প্ৰমাণিত হৈছে। তেনেকুৱা প্ৰবৃত্তি থকাৰ অনুমাত্ৰ গম পালেই লৰাক সাৱধানে সেই সঙ্গৰপৰা আঁতৰাই ৰাখিবলৈ প্ৰযত্ন কৰা অতি যুগত হব। হস্তমৈথুনত অতিৰিক্ত ঘৰ্ষণৰ ফলত কোমলাঙ্গৰ স্পৰ্শানভূতি ক্ৰমে কমি যায় আৰু অতিৰিক্ত অঙ্গ চালনত পুৰুষাঙ্গৰ স্নায়ু শিথিল হয় আৰু পৰিণামত নানা প্ৰকাৰৰ দুৰাৰোগ্য ব্যাধি জন্মে।

 বীৰ্য্য সঞ্চয় কৰি, পুষ্টি কৰি উৰ্দ্ধগামী কৰিব নোৱাৰিলে শৰীৰৰ পুষ্টি সাধন নহয়। তেজ, মাংস, হাড়, মজ্জা, মেধা সকলোৰে সৰ্ব্ব প্ৰধান উপাদান এই বীৰ্য্যয়ে। সেয়েই উত্তেজনা শক্তি আনে, মেধাৱন্ত কৰে, সেয়েই পুৰুষৰ পুৰুষত্ব। সেই বীৰ্য্যৰ পৰিপুষ্টি সাধনৰ পূৰ্ব্বৰে পৰা সঞ্চালন আৰম্ভ হলে পৰিমাণ কমে আৰু ক্ৰমে পনীয়া হৈ শেষত দূষিত হয় আৰু ভয়ানক ৰোগৰ সৃষ্টি কৰে। বীৰ্য্য অধোগামি হলে শৰীৰত প্ৰৱেশ নোহোৱা গতিকে শৰীৰ ক্ষীণ আৰু দুৰ্ব্বল হয়, দৃষ্টি শক্তি কমে, স্মৰণ শক্তি ৰহিত হয়, সহবাসত অক্ষম হয়। অস্বাভাৱিক আৰু অতিৰিক্ত সঞ্চালনেই যক্ষ্মা আদি ভয়ঙ্কৰ ৰোগৰ প্ৰধান কাৰণ আৰু আন আন জঘণ্য ৰোগৰো মূল হেতু। সৰুতে হস্তমৈথুন, পুংমৈথুন কৰা ডেকাৰ বিবাহিত জীৱন কি বিষময় তাক ভাবিলে গা শিয়ঁৰি উঠে। বাল্যসমূলভ কু-অভ্যাসে এবাৰ ভালদৰে পালে তাক বহু চেষ্টা কৰিও এৰা টান হয়; সেই গুণেই আদিৰেপৰা সাৱধান হোৱা আৰু আনেও সাৱধান কৰাই দিয়া উচিত।

 হস্তমৈথুনত অঙ্গ শিথিল আৰু বীৰ্য্যৰ পৰিমাণ কমাত উত্তেজনাৰ অভাৱ হয় আৰু পৰিণামত পূৰ্ণ সহবাস নঘটে আৰু কোনোমতে কাৰ্য্য সমাধা হলেও স্পৰ্শানুভূতিৰ অভাৱত কোনো পক্ষই সুখ নাপায়। ধাৰণশক্তি কমাৰ কাৰণে অতি অলপ অঙ্গ চালনাতেই কাৰ্য্য সমাধা হয়। কেতিয়াবা উদ্যোগ পৰ্ব্বতেই দৰ্শন বা স্পৰ্শন মাত্ৰেই কাৰ্যৰ পৰিসমাপ্তি হয়। অক্ষমতাৰ লাজত পুনৰ চেষ্টা কৰিবৰ প্ৰবৃত্তি নাথাকে। স্বপ্নদোষ হৈ ৰতি শক্তিৰ হ্ৰাস হোৱাই স্ত্ৰী সহবাসত আগ্ৰহশশূন্য হয়, লোভ সামৰিব নোৱাৰি চেষ্টা কৰিলেও শীঘ্ৰে শ্ৰান্ত হৈ পৰে; এনে অৱস্থাত উভয় পক্ষৰ আদৰ সোহাগ, সাদৰ সম্ভাষণ সকলো মিছা হৈ যায়। স্ত্ৰীপক্ষে উত্তেজিত হোৱাৰ পূৰ্ব্বেই বা উত্তেজিত হৈ পৰিতৃপ্তিৰ আগতে প্ৰণয় কাৰ্য্যৰ ওৰ পৰিলে বিফল মনোৰথ স্ত্ৰীৰ ক্ষোভ