পৃষ্ঠা:যৌন-তত্ত্ব.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
তৰুণৰাম ফুকন ৰচনাৱলী

শীল লোকসকলে যৌন-তত্ত্বৰ প্ৰকৃত জ্ঞান বিস্তাৰ কৰিবলৈ ব্যগ্ৰ হৈ উঠিছে। যাতে জগতবাসীয়ে জীৱনত মিলনৰ মাধুৰ্য্য উপভোগ কৰিও ভৱিষ্যত সমাজৰ উপকাৰ সাধন কৰিব পাৰে তাৰ পথ নিৰ্দ্দেশৰ বিশেষ চেষ্টা চলিছে। লাজৰ আৱশ্যক মানুহক উশৃঙ্খলতাৰপৰা ৰক্ষা কৰিবলৈ; লুকাবৰ আৱশ্যকতা অনুভৱ কৰিছিল প্ৰকাশত প্ৰলোভনৰ ভয়ত। কিন্তু আজি কু-সংস্কাৰ, কু-অভ্যাস ইমান বাঢ়িছে যে জ্ঞানৰ দ্বাৰায়, নিজৰ দায়িত্ববোধৰ

দ্বাৰায় সেই লাজ কাতি কৰি আশঙ্কা আঁতৰাই সেই বিষয়ৰ আলোচনা নকৰিলে নচলা হৈছে। গতিকেই সন্তানৰ কল্যাণলৈ চায়, সমাজৰ মঙ্গলৰ কাৰণে কব লাগিব পিতায় পুত্ৰক, মাতৃয়ে কন্যাক, গুৰুৱে শিষ্যক, বন্ধুৱে বান্ধৱক—এই গূঢ়-তত্ত্বৰ কথা ক’ব লাগিব, কব লাগিব অসংযমীৰ দুৰ্দ্দশাৰ কথা; কব লাগিব ভবিষ্যত উন্নত মানৱৰ সৃষ্টি মাহাত্ম্যৰ কথা, দাম্পত্য জীৱনৰ অনন্ত সৌন্দৰ্য্যৰ কথা।

 

দ্বিতীয় অধ্যায়

আদি কথা

 ল’ৰাৰ দৃষ্টি অতি প্ৰখৰ আৰু জানিবৰ ইচ্ছা বৰ প্ৰৱল। অনুমান ঠিক হওঁকেই বা নহওঁকেই ডাঙৰে কি কৰে তালৈ চকু দি এটা অনুমান কৰি লয়। ডাঙৰৰ কথাৰ ভাৱ ভালকৈ বুজি নাপালেও কাণত পৰিয়েই থাকে; সেই কথা বা কাৰ্য্য ভালদৰে উপলব্ধি কৰিব নোৱাৰিলেও তাৰ সাঁচ মনত ৰৈ যায়, কথা লুকাব খুজিলেও তাক জানিবৰ ইচ্ছা প্ৰৱল হয়, ইত্যাদি কাৰণে ল’ৰা-ছোৱালী থকা বা পঢ়া ঘৰ বেলেগ হোৱা উচিত, ঘৰ বেলেগ কৰিব নোৱাৰিলেও কোঠালি কিছু আঁতৰত হোৱা নিতান্ত উচিত হব। ল’ৰা-ছোৱালী আগত থাকিলে কথাবাৰ্ত্তা কোৱা আৰু চলা-মেলা সাৱধানে কৰা উচিত। সৰহভাগ চাকৰে ওমলোৱাৰ চলতে লৰাক বেয়া কথা আৰু বেয়া কাৰ্য্য শিকায়, এই বিষয়ে মাক-বাপেক বিশেষ সাৱধান হোৱা উচিত। কু-অভ্যাস থকা ডাঙৰ ল’ৰা-ছোৱালীৰ লগত সৰু ল’ৰা-ছোৱালীক শুব দিয়া বা নিৰ্জ্জন ঠাইত উমলিবলৈ দিয়া উচিত নহয়, ল’ৰা-ছোৱালী অলপ ডাঙৰ হলেই বেলেগে শোৱাৰ দিহা কৰা উচিত, শুই শুই ধেমালি কৰোতেই সৰ্ব্বনশীয়া অভ্যাসৰ সূত্ৰপাত হয়। এই কু-অভ্যাসে কুমলীয়া বয়সৰ ল’ৰা-ছোৱালীৰ কিমান অনিষ্ট কৰে

তাক কৈ অন্ত কৰা টান। এই কু-অভ্যাস ছোৱালী পক্ষৰো থাকে— কেৱল ছোৱালীৰ বিয়া সোনকালে হয় বুলি সেই কাৰ্য্যৰ আৱশ্যকতা সৰহ দিন নাথাকে, যদিও বিবাহৰ পিছতো উভয়পক্ষে থকা কথা আমি শুনিছোঁ। তিৰোতায় তিৰোতায় মৈথুনৰ ডাক্তৰী কিতাপত পোৱা যায়। তাৰপৰা উভয়পক্ষৰ মহৎ অনিষ্ট হয় বুলি ডাঠি কব পাৰি। পুং মৈথুনৰ অপকাৰিতা সম্বন্ধে, বহলায় কোৱা অনাৱশ্যক। যৌৱনৰ লগে লগে, শাৰীৰিক পূৰ্ণতাৰ আৰম্ভতেই স্পৰ্শানুভূতিৰ সুখৰ আকাঙ্ক্ষায় মনৰ আৰু কাৰ্য্যৰ পৱিত্ৰতা অজানভাৱে আক্ৰমণ কৰিবলৈ ধৰে। যুক্তি তৰ্কৰ দ্বাৰায়, সৎসঙ্গৰ দ্বাৰায় অধ্যয়ন আৰু ব্যায়াম আদিত একান্ত মনোযোগ দি, অতি সাৱধানে এই আক্ৰমণৰপৰা আত্মৰক্ষা কৰি চলিব আৰু চলাব লাগিব; নহলে যৌৱনৰ আবেগে, ইন্দ্ৰিয় বৃত্তি চৰিতাৰ্থৰ আগ্ৰহে সকলো শিক্ষা-দীক্ষা, সকলো সজ ভাৱ সকলো সঙ্কল্প অতিক্ৰম কৰাই যৌৱনৰ আতিশয্যত অমৃত বিচাৰোঁতে অন্তকাৰি গৰল উলিয়ায়।