পৃষ্ঠা:যৌন-তত্ত্ব.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
যৌন-তত্ত্ব

 এই ৰোগ দুৰাৰোগ্য আৰু ভয়ঙ্কৰ হলেও তৎক্ষণাৎ উপযুক্ত চিকিৎসকৰ সহায় ললে ভাল কৰিব পাৰি। কিন্তু দুঃখৰ বিষয় প্ৰকাশৰ ভয়ত ডাক্তৰ-কবিৰাজৰ সহায় নলয়। কিছুমানে নিজে বিজ্ঞাপন চাই ঔষধ ব্যৱহাৰ কৰি ইষ্টতকৈ অনিষ্টহে সাধন কৰা দেখা যায়। ডাক্তৰৰ সহায় ললে আকৌ আমাৰ দেশৰ ডাক্তৰে বন্ধু-বান্ধৱক কোৱাৰ লোভ সামৰিব নোৱাৰে। বিলাতৰপিনে

হলে ডাক্তৰক বিশ্বাস কৰিব পাৰি। আমাৰ দেশতো ডাক্তৰৰপৰা কোনো মতেই প্ৰকাশ নোপোৱাৰ আশ্বাস পালে বহতো ৰোগীয়ে সহায় বিচাৰিলেহেতেন আৰু পৰিত্ৰাণো পালেহেঁতেন। ডাক্তৰসকলে এই বিষয়ে ডেকাসকলক আশ্বাস আৰু উপদেশ দিব বুলি আশা কৰা হল।

 

অষ্টম অধ্যায়

সহবাসত ৰবৰাদি আচ্ছাদন ব্যৱহাৰৰ উপকাৰিতা আৰু আৱশ্যকতা

ৰোগৰ বীজাণু থকা পানী খোৱা যেনেকুৱা ঘৃ্ণনীয় আৰু অলেখ ৰোগৰ কাৰণ হব পাৰে, ব্যৱসায়ী তিৰোতাৰ লগত সঙ্গতি কৰাও তেনেকুৱা ঘৃ্ণনীয় আৰু জঘন্য ৰোগসমূহৰ কাৰণ হয়। এই কথা ভালদৰে জানি শুনিও কুসঙ্গৰ প্ৰৱল প্ৰলোভনত পৰি নাইবা নিচাৰ বশীভূত হৈ তেনে গৰ্হিত কাৰ্য্যলৈ মন মেলে তেন্তে ভবিষ্যত ভয়ঙ্কৰ পৰিণামলৈ ভাবি পাৰ্য্যমানে সাৱধানে চলা উচিত হব। ডাক্তৰক শুধিলে বা Marie Stopes আদি সমাজ সংস্কাৰকসকলৰ পুথি পঢ়িলে সকলো কথা ভাল দৰে বুজিব পাৰিব। চমুকৈ কবলৈ হলে ব্যৱসায়ী তিৰোতাৰ লগত সঙ্গতি কৰিলে ৰোগ থাককেই বা নাথাককেই ৰোগৰ বীজাণু প্ৰতিৰোধক অঙ্গস্পৰ্শ ৰহিত ৰবৰ লিঙ্গাকৰণ (French Leather, Sheath বা Condome) ব্যৱহাৰ কৰা উচিত। সেই সজুলি প্ৰায় দৰবৰ দোকানতেই পোৱা যায়। ই অতি পাতল আৰু ব্যৱহাৰত সমুদায় পুৰুষাঙ্গ

আবৰণ কৰি ৰাখে। সেই বস্তু ব্যৱহাৰ কৰিলে অঙ্গাঙ্গ স্পৰ্শশূন্য হোৱাত ৰোগ সঞ্চাৰৰ আশঙ্কা কিছু পৰিমাণে কমে আৰু পাতল হোৱা বাবে স্পৰ্শানভূতি সম্পূৰ্ণভাৱে ৰহিত নহয়। সহবাসৰ পিচতেই (Permanganate of Potash) পাৰমেঙ্গেনেত অব পটাশ (দৰবাৰ দোকানত পায়) অলপ পানীত দি সেই পানীৰে অঙ্গ শোধন কৰিলেও ৰোগৰ আশঙ্কা বহুতো পৰিমাণে কমে। তত্ৰাচ ৰোগ হোৱাৰ অনুমাত্ৰ সন্দেহ হলেই ডাক্তৰৰ সহায় লোৱা উচিত। পুৰুষাঙ্গৰ অগ্ৰভাগ ৰঙা পৰিলে বা তাত ঘূৰণীয়া ফোঁহা হোৱা যেন দেখিলে ডাক্তৰৰ ওচৰ চাপিবলৈ হোৱা বুলি জানিব লাগিব। তেজ পৰীক্ষা কৰি ৰোগৰ সঞ্চাৰ হোৱা নোহোৱা অনুমান কৰি ঔষধৰ ব্যৱস্থা কৰিব লাগিব। Injection (বেজি) দি ৰোগৰ বীজাণু মাৰিব পাৰি, কিন্তু পলম হয় মানে মুক্তিৰ আশা কম হয়।

 

নৱম অধ্যায়

জীৱসৃষ্টি

 পূৰ্ব্বেই কোৱা হৈছে যে স্ত্ৰী-পুৰুষৰ একে সময়তে পৰিতৃপ্তি হোৱা নিতান্ত বাঞ্ছনীয়। তাকে কৰিবলৈ হলে অধ্যৱসায়ৰ আৱশ্যক অৰ্থাৎ তিৰোতাৰ পৰিতৃপ্তি নোহোৱালৈকে পুৰুষৰ স্খলন স্থগিত ৰাখিব লাগিব। তাকে কৰা কিন্তু নিচেই

সহজ নহয়। উপস্থাপিত (যাক ইংৰাজীতে Super Imposed Position বোলে অৰ্থাৎ তিৰোতাক তলত থৈ সহবাস) প্ৰকাৰেই সহবাসৰ সাধাৰণ বিধি। সেই অৱস্থাত লাহে ধীৰে, পলম-আলমকৈ কাৰ্য্য কৰা সম্ভৱ নহয়। বিশেষত পুৰুষৰ