পৃষ্ঠা:যৌন-তত্ত্ব.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 তৰণৰাম ফুকন ৰচনাৱলী অনুৰূপ ফল নাপায় তেন্তে ষৌৱন মদোন্মত্ত ডেকাৰ মনৰ গতি কি হব তাৰ অননুমান কৰা টান নহব। মনৰ তেনে অৱস্থাত যদিহে আনৰ ঘৈণীয়ে বা আন তিৰোতাই পিন্ধি-উৰি লাস- বিলাস কবি মনৰ ভাব ইঙ্গিততে প্ৰকাশ কৰা দেখে, কামকলা কৌশলেৰে মন কোমলাই আত্মসমপৰ্ণৰ আশা দেখৱায় তেন্তে নিজ হীৰ প্ৰতি হতাদৰ হোৱা বিশেষ অস্বাভাৱিক নহব। অনায়াসলভ্য, আগ্ৰহশূশূন্য দানত কামনাই পবিতৃপ্তি নাপায়। বাৰবিলাসিনীৰ ৰতিৰঙ্গভঙ্গিমাত হিতাহিত জ্ঞান হেৰুৱাবৰ সম্ভাৱনা জানি সেই সঙ্গ বৰ্জ্জনত দৃঢ় প্ৰতিজ্ঞ হোৱা উচিত হব। পুৰুষৰ মন প্ৰণয় সম্ভাষণেৰে যিমান বশ কৰিব পাৰি আন উপায়েৰে কৰা টান। বাৰাঙ্গনা নোহোৱা দেশ নাই বলিলেই হয়। ইন্দ্ৰপৰীতো উৰ্ব্বশী, 'মেনকা, ৰম্ভা, তিলোত্তমা আদি নৃত্য-গীতনিপণা ভোজসম্ভোগিনী বাৰবিলাসিনী ৰমণী থকা কথা প্ৰাণাদিতো পোৱা যায়। কামান্ধ হৈ বা দুষ্ট লোকৰ প্ৰলোভনত পৰি ঘৰৰ বাজ হোৱা, শেষত বাজ কৰি নিয়াজনে এৰি দিয়াত নিৰূপায় হৈ ব্যৱসায় কৰে। কিছুমানে অৰ্থৰ প্ৰলোভনত আৰু কিছুমানে অৰ্থ’ৰ অভাৱতো আত্মবিক্ৰয় ব্যৱসায় কৰে, সমাজত থাকি, পৰৰ আগত্‌ ভাল বোলাই, গোপন প্ৰণয়ৰ অভিনয় কবি ব্যভিচাৰ কৰা তিৰোতাতকৈ জনা-শনাকৈ ব্যৱসায় কবা তিৰোতাক তুলনাত ভাল বুলিব পাৰি। ডেকা ল'ৰাই বা বিবাহিত পষে ইচ্ছা থাকিলেও লাজতে বা প্ৰকাশৰ ভয়ত ব্যৱসায়ী তিবোতাবে সঙ্গতি কৰিব নোৱাৰে। লকায় যাবলৈকো লকায় যোৱাজনৰ লগত দেখা হোৱাৰ আশঙ্কাত যাবলৈ শঙ্কা কৰে। তদুপৰি বেমাৰ হোৱাৰ আশঙ্কায়ো সঙ্কোচ জন্মায়। ব্যৱসায়ী তিৰোতা নাথাকিলে বহুতো কামুক পুৰুষে গৃহস্থ ঘৰৰ সজ তিৰোতাকো কুপথে নিয়ালেহে'তেন। কাৰণ— “হৃদয়তৃণকুটীৰে দহ্যমানে স্বৰাগ্নৌ। উচিতমন,চিতং বা বেত্তিকো পণ্ডিত্যোপি।” ধৰ্মপত্নী হৈ স্বামীসোহাগ পাম বুলি আশা কৰি বহি থাকিলে নহব। সন্দৰী, সতীসাধনী, কৰ্ত্তব্যপৰায়ণা ভাৰ্য্যাকো সিকা নোহোৱাৰ বাবে অনাদৰ কৰা দেখা যায়। ইয়াৰ বাবে পষে যিমান দায়ী সেই পৰিমাণে নহলেও তিৰোতাৰ দায়ব ভাগো কম নহব। স্ফীয়ে পৰুেষৰ মন হবণ কৰিব নোৱাৰিলে স্ফী-জন্ম কথা। কবীন্দ্ৰ ববীন্দ্ৰনাথে অৰ্জ্জুনেনিগৃহিতা চিত্ৰাঙ্গদাৰ হতুৱাই কোৱাইছে সেই কথাকে, “নাৰী হয়ে না যদি জিনিতে পাৰি পুষেৰ মন, বথা বিদ্যা যত।” সপ্তম অধ্যায় বনিতা বিলাস অৰ্থাৎ পৰ্ণকুটীৰ দগ্ধ কৰিব ধৰিলে পণ্ডিতৰো হিতাহিত জ্ঞান বহিত হয়। অপিচ- “শ্ৰুতং সত্যং তপঃ বিজ্ঞানং তত্ত্বমত্তমম্। ইন্ধনী কুৰতে মূঢ়ঃ প্ৰবিশ্য বানিতানলে॥” কামমদ্ধ লোকে অগ্নি-ম্বৰূপা ৰমণীৰ মোহত জ্ঞান-বিজ্ঞান, সত্য, তপস্যা, চৰিত্ৰ ইত্যাদি জাইত কাঠ দিয়াৰ দৰে আহতি দিয়ে। কিন্তু ইফালে আকৌ ব্যৱসায়ী তিৰোতাই সমাজব কিমান অপকাৰ কৰিব লাগিছে তালৈ ভাবিলে শৰীৰ ৰোমাঞ্চিত হয়। বেশ্যা সহব্যাসত অতি ভয়ঙ্কৰ দূৰাৰোগ্য ৰোগ স্ফীত সংক্ৰামিত কবাই নিৰপৰাধিনী শ্ৰীৰ জীৱন অতি দঃখময় কবি দিয়ে। এই ব্যাধি ইমান সৰ্ব্বনশীয়া যে ই সন্তানকো আক্ৰমণ কৰা দেখা যায়। মখলৈ চাই বা প্ৰকাশ্য লক্ষণেৰে ধৰা টান; সহবাসৰ সময়তো বিশেষ গম নাপায়, কিন্তু সহযোগ মাত্ৰেই ৰোগ সংক্ৰামিত হৈ দিনদিয়েক পিছতহে প্ৰকাশ পায়। স্ত্ৰী পব্ষ বহুতো লোকত উপগত হলে সেই ৰোগ প্ৰায়ে হয়। অতিৰিক্ত মৈথন বা পৰিচ্ছন্নতাৰপিনে চকু নিদিয়াৰ কাৰণেও এই ৰোগ জন্মে।