পৃষ্ঠা:যৌন-তত্ত্ব.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৭
যৌন-তত্ত্ব

কৰা উচিত। এই বিষয়ে এজন যৌন-তত্ত্ববিদ পণ্ডিতে এইদৰে কৈছেঃ

 “Sexual intercourse should never under any circumstances be indulged when either party is in a state of great mental excitement or depression, or when in a condition of great bodily fatigue, nor soon after a full meal, nor when the mind is intensely preoccupied; but always when the whole system is in its best condition and most free from any disturbing influence.”

 অৰ্থাৎ দম্পতীৰ ভিতৰত এজনৰ মানসিক উদ্বেগ থাকিলে বা বৰ পৰিশ্ৰম হলে নাইবা ৰাতি খোৱা-বোৱাৰ পিছত সহবাস কৰা নিতান্ত অবিধি।

 ভুক্ত অন্ন জীৰ্ণ নোহোৱাকৈ মৈথুন কৰা কুষ্ঠ ৰোগৰ এটা কাৰণ বুলি আয়ুৰ্ব্বেদ শাস্ত্ৰত আছে। পেটৰ বিষ, বাধক আদি ডেকা-ঘৈণীৰ অলেখ সৰু-সুৰা নৰিয়াৰ ইও এটা প্ৰধান কাৰণ।

 ঋতুৰ সময়ত তিৰোতাই পৰিশ্ৰম কৰা বা ঠাণ্ডা লগোৱা অনুচিত। ডাক্তৰি মতে তিনি দিন বিচনাৰপৰা উঠা বা গা ধোৱা নিষেধ। এনে অৱস্থাত কমপক্ষেও চাৰি দিন সহবাস একান্ত বৰ্জ্জনীয়।

 গৰ্ভ সঞ্চাৰ হোৱাৰপৰা সহবাস বৰ্জ্জনেই বিধি; কিন্তু সেই বিধি উলঙ্ঘন কৰা জনাজাত। তদুপৰি সেই অৱস্থাত স্ত্ৰী-পক্ষে সহবাসৰ ইচ্ছা কাৰো কাৰো কিঞ্চিৎ বাঢ়ে বা হয় বুলি শুনা যায়। সেই ইচ্ছা পৰিতৃপ্তি নহলে বা জোৰ কৰি দমাই

ৰাখিলে গৰ্ভস্থ সন্তানৰ অনিষ্ট হয় বুলি পুথিত পোৱা যায়। গতিকেই নিজৰ মন নিতান্ত চম্ভালিব নোৱাৰিলে বা অন্যপক্ষৰ বিশেষ ইচ্ছা থকা গম পালে অতি সাৱধানে চলিব লাগিব। গৰ্ভ সঞ্চাৰৰ দুই-তিনি মাহলৈকে সেই ভাব উভয় পক্ষে দূৰতে বিদুৰ কৰি ৰাখিব লাগিব। আন কি বৰকৈ লৰা-চৰা কৰা বা গাড়ী বা ৰেলত উঠাও উচিত নহব।

 পৰিতৃপ্তিবিহীন সঙ্গমত উভয় পক্ষৰে অসন্তোষ ৰৈ যায়। গতিকেই উভয়ৰে পৰিতৃপ্তি একে সময়তে হোৱাৰ চেষ্টা কৰা উচিত।

 স্ত্ৰীৰ পূৰ্ণ পৰিতৃপ্তি বিষয়ে পুৰুষ প্ৰায়ে উদাসীন। নিজ কাৰ্য্য সমাধা হলেই স্ত্ৰীসঙ্গ বৰ্জ্জন কৰি আঁতৰি যোৱা পুৰুষৰ সংখ্যাই সৰহ বুলি শুনা যায়। সুৰত প্ৰসঙ্গত তিৰোতাই বিশেষ আগ্ৰহ দেখুৱা প্ৰায়ে দেখা নাযায়। কাৰ্য্যত অসন্মতি নজনালেই পৰম ভাগ্য বুলি মানি লোৱা উচিত হব। কিন্তু এটা জীৱ সৃষ্টি কৰিবৰ সময়ত স্বামী-স্ত্ৰী দুয়োৰো মনব ভাব একে হব লাগিব; দুয়োৰো তাত আগ্ৰহ হব লাগিব, অনঙ্গৰঙ্গৰ দান প্ৰতিদানত শৰীৰ, মন, প্ৰাণ ৰোমাঞ্চিত আৰু পুলকিত হব লাগিব; প্ৰজাসৃষ্টিৰ অপূৰ্ব্ব মহিমা অনূভব কৰি দুয়ো দুয়োত আত্মসমৰ্পণ কৰি আনন্দৰ আতিশয্যত দুয়ো একে সময়তে প্ৰজ্জ্বলিত কামানলত পূৰ্ণাহুতি প্ৰদান কৰিব লাগিব। পৰিতৃপ্তিৰ আনন্দত আত্মবিস্মৃতি আনিব নোৱাৰিলে সহবাসৰ মাধুৰ্য্য লোপ হৈ দৈত্য-গুৰু মোক্ষণ মাত্ৰ সাৰ হব।

 

ষষ্ঠ অধ্যায়

অনঙ্গ প্ৰসঙ্গত স্ত্ৰীৰ কৰ্ত্তব্য

 ডেকা ল’ৰাই বিয়া কৰোৱাৰ আগেয়ে নভেল, নাটক আদি পুথিত প্ৰীতি, প্ৰেম, প্ৰণয়ৰ কথা পঢ়ি পত্নী সম্ভোগৰ অতিৰঞ্জিত পৰিকল্পনাত বিভোব হৈ থাকে। বিবাহ কৰালেই ভাবে যে কামকলাকুশলা সঙ্কোচবিহীনা প্ৰিয়তমা প্ৰণয়িনী পাম বুলি পৰম আগ্ৰহেৰে মিলনৰ মাহেন্দ্ৰক্ষণলৈ প্ৰতীক্ষা কৰি

থাকে। কিন্তু শিক্ষাবিহীনা, গৃহাবৰ্দ্ধা, অবুজ, অবলা বালিকা বধুৰপৰা আশানুৰূপ প্ৰণয় সম্ভাষণ, প্ৰীতিৰ প্ৰতিদান কিমান দূৰ পোৱা সম্ভৱ হব তাক গমি নোচোৱাকৈ ক্ষোভত স্ত্ৰীৰ প্ৰতি আগ্ৰহশূন্য হৈ উদাসীন হোৱা অবিচাৰৰ কাৰ্য্য হব।

 পূৰ্ণ যৌৱনা শিক্ষিতা গৃহিণীৰপৰাও যদি আগ্ৰহৰ