পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৸৹


চুইছেগৈ। কামিনী ফুলৰ কোমলতা কথাৰে বুজোৱাত কবি কেনে কৃতকাৰ্য্য হৈছে তাক বুজাবলৈ আমাৰ কথা খৰচ নকৰি তেওঁৰ কথাৰেই কবলৈ “আভাস’ৰ পাতে পাতে চল লাগি আছে। ইয়াত বাজে “আভাস”ত যিখিনি নতুনত্বৰ আভাস পোৱা গৈছে, তাৰপৰা আৰু ভালেখিনি মূল্যবান নতুনত্ব গ্ৰন্থকাৰত আশা কৰা যায়। মুঠতে, “আভাস” পঢ়ি আমাৰ যেনে উৎসাহ বাঢ়িছে, গ্ৰন্থকাৰেও আমি ৰাইজৰ পৰা তেনে উৎসাহ পোৱা বাঞ্ছনীয়। “কমতাপুৰ ধ্বংস”ৰ পাচত “তিৰোতাৰ আত্মদান” পঢ়ি এই উঠি অহা গ্ৰন্থকাৰৰ ক্ৰমোন্নোতিত আমাৰ যি এফৰা সন্দেহ ঘটিছিল, “আভাসে” সেই সন্দেহ ভঞ্জন কৰিছে।

মালিতা।—
(ঐতিহাসিক উপন্যাস) দাম।৹ অনা।
(I)

"Malita" is an excellent prose production. There are many historical episodes in our country, which may be taken advantage of by a writer of your ability. You are really enriching our literature.* * *

 I wish you every success with all good wishes."

I remain,
Yours sincerely
Sdt. J. Borooah

(Bar-at-law, Principal Earl Law College, Gouhati).

( II )

এজন কৃতবিদ্য ভদ্ৰলোকে লিখিছে :-

 "A true type of a novel, indeed. I do not know,what attractive power your books have for me. They so soon appeal to my heart. It cannot but be due to the excellencies in the books themselves."