পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৶৹


(V)

 ই এখনি সৰু কবিতা পুথি, দেশী বিদেশী ২১টি নাৰীচৰিত্ৰ লৈ পুথিখনি ৰচা হৈছে। লিখকৰ ভাষা সৰল, শুৱলা আৰু বৰ্ণনাত স্বাভাবিক কবিত্ব শক্তিৰ বিকাশ পাইছে; পুথিত বৰ্ণোৱা চৰিত্ৰ কেইটি যথাযথৰূপে জিলিকি পৰিছে। বিদেশী নাৰী-চৰিত্ৰ কেইটিও লেখকে নিজৰ ঘৰুৱা কৰি পেলাইছে। সাধাৰণতে বিদেশী ঘটনা নিজৰ ভাষাত স্বাভাবিকৰূপে শুৱলা কৰি প্ৰকাশ কৰা টান তাত অলপ নহয়, — অলপ অস্বাভিকতাৰ ছাঁ আহি পৰেহি; কিন্তু “আভাস”ৰ লিখক ইয়াৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। আৰু বিদেশী নাৰী-চৰিত্ৰ কেইটিক সহজে বুজিবলৈ লিখকে তাৰ লগে লগে একোটি একোটি টোকা দিছে সেই কাৰণেই ঘটনাবিলাক আৰু সহজ হৈ পৰিছে। দৰাচলতে ক'বলৈ গ'লে লিখকৰ এই পুথিখনি তেখেতৰ আগৰ কেইখনিতকৈয়ো আমাৰ ভাল লাগিছে। *** আমি পুথিখনি পঢ়ি বৰ ৰং পাইছোঁ, আৰু তাৰ কাৰণে লিখকক অশেষ ধন্যবাদ দিছোঁ। “আভাস’ত লিথকে যি কেইটি চৰিত্ৰৰ আভাস দিছে আৰু যি কেইটি চৰিত্ৰই অতীতত মানুহক মোহিত কৰিছিল আৰু এতিয়াও যাক সুঁৱৰিলে মন আনন্দেৰে পৰিপূৰ্ণ হয় আৰু ভক্তিত আপোনা আপুনি মুৰ দোঁ খাই যায়, তেনে চৰিত্ৰকেটিক অসমীয়া ভাষাত বৰ্ণাই আমাৰ ভাষাক কিমান চহকী কৰিলে তাক কোৱা টান। আশা কৰোঁ লিখকে যেন আগলৈকো এই দৰে আমাৰ মাতৃভাষাৰ শৰাইত এপাহি দুপাহি ফুল পেলাই থাকে।

বাহী—৬ষ্ঠ বছৰ—৪ৰ্থ সংখ্যা।

 অনাৰেৱল্ — শ্ৰীযুত পদ্মনাথ বৰুৱা, ডাঙ্গৰীয়াৰ “ঊষা”ই লিখিছে—আভাস পূৰ্ণ বিকাশৰ চানেকী। এই চানেকী বচাত আমাৰ ডেকা কবি সৰহ ভাগত কৃতকাৰ্য্য হৈছে। গোটাচেৰেকত যে আভাসে বিকাশৰ সীমা