পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৸৴৹


(III)

  “আহোম কছাৰী ৰণৰ এটি শোক লগা দৃশ্য আঁকি দেখুৱা হৈছে। এইখনো কবি শ্ৰীযুত হিতেশ্বৰ বৰবৰুৱা প্ৰণীত। “মালিতা” গ্ৰন্থকাৰৰ প্ৰথম গদ্য পুথি। কাব্য লিখি বৰবৰুৱা যেনে প্ৰসিদ্ধ হৈছে, ইচ্ছা কৰিলে উপন্যাস লিখিও তেখেত তেনে প্ৰসিদ্ধ হ’ব পাৰিব বুলি “মালিতা” পঢ়ি আমি ডাঠি কব পৰা হৈছোঁ।”—

“আলোচনী”—৬ষ্ঠ বছৰ, ২য় সংখ্যা।

“ডেচ্দি মোনা”কাব্য।—( যন্ত্ৰস্থ )

 মহাকবি চেক্ষপীৰৰ কবি-প্ৰতিভা সাহিত্য-জগতত অতুলনীয়। “ডেচ্ দি মোনা” সেই কবিৰ “ওথেলো” নাটকৰ প্ৰধান নায়িকা। কাজেই “ডেচ দি মোনা”ৰ বিশেষ পৰিচয় দিয়াৰ অনাৱশ্যক।

মালচ। ——(খণ্ড কবিতা )

 এই পুথিখনিত টা চতুৰ্দ্দশপদী কবিতা আছে। ছপাবলৈ যো-জা কৰা হৈছে।


তলসৰা ফুলৰ তিনি আঁজলি — (খণ্ড কবিতা)

ছপাবলৈ যো-জা কৰা হৈছে।

পোৱাৰ ঠিকনা : ১। কমতাপুৰ ষ্ট'ৰ

  চকলাটিঙ্গা, যোৰহাট।

 ২। ভট্টাচাৰ্য্য এজেঞ্চি

  ৰিহাবাৰী, ডিব্ৰুগড়।