পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৹


কাব্যখনত লিখকে সুন্দৰকৈ বৰ্ণাইছে। কাব্যখনৰ ভাষা সহজ, ভাব সুৱলা আৰু বৰ্ণনা সুন্দৰ মনমোহা হৈছে। “কমতাপুৰ ধ্বংস” কাব্যৰ লিখকৰ হাতত জয়মতীৰ চিত্ৰপট যেনে ধুনীয়া হ'ব লাগে, হৈ উঠিছে।”

আলোচনী—৫ম বছৰ-৮ম সংখ্যা।

 ...অসমীয়া ভাষাত কাব্য নাই বুলিলেও হানী নাই। অমিত্ৰাক্ষৰ ছন্দত ওখধৰণৰ কাব্য অসমীয়া ভাষাত আপুনি লিথি ভাষাৰ নথৈ শ্ৰীবৃদ্ধি সাধন কৰিলে। ভাব, ছন্দ-বন্ধ সুৱলা হৈছে। আশা কৰোঁ আপুনি এই লেখীয়া আৰু কাব্যাদি লিখি অসমীয়া ভাষাক উজ্জ্বল কৰিব।......

ইতি। ১।৮।১৪
বিনীত—শ্ৰীৰজনীকান্ত বৰদলৈ।
(B. A. Extra Assistant Commr. Dibrugarh.

(IX)

......আমাৰ ভাষাত এই শ্ৰেণীৰ যি দুখন এখন কিতাপ পঢ়িবলৈ পাইছোঁ, তাৰ ভিতৰত এইখনকে (তিৰুতাৰ আত্মদান কাব্যকে) মই আগ ঠাই দিছোঁ॥........

ইতি। ২৯।৩।১৪
আপোনাৰ শ্ৰীচন্দ্ৰধৰ বৰুৱা।
(Of the Jorhat Bar, and Hon. Magistrate.)

(X)

  By associating yourself with this brave queen and by delineating her character in blank verse in our language, you have earned for yourself very high place in the rank of our writers. It seems, you are assiduously undertaking the work of a litterateur. You deserve encouragement and thanks from every Assamese.

SDt. J. Borooah, Bar-at-Law,
Principal, Earl Law College, Gouhati.